অসমৰ বাবে আন এক দুঃখবৰ৷ দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰসমূহে অসমক কৰি অহা অৱহেলা আৰু বঞ্চনাক পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে কেন্দ্ৰত শাসনাধিস্থিত এন ডি এ চৰকাৰে ৷ কেন্দ্ৰত যি চৰকাৰেই নাহক কিয়, অসমক যে কেৱল শাসন আৰু শোষণৰ বাবেহে ব্যৱহাৰ কৰে সেয়া প্ৰমাণিত হৈছে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্তত ৷ উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় জলসম্পদ বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে স্পষ্টভাৱে ঘোষণা কৰে যে অসম চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ যি অনুৰোধ কৰি আহিছে সেয়া কাৰ্যকৰী কৰা সম্ভৱ নহয় ৷
ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা তথ্যমতে বৰ্তমানৰ এছ ডি আৰ এফ (ষ্টেট ডিজেষ্টাৰ ৰেছপণ্ড ফাণ্ড) আৰু এন ডি আৰ এফ (নেচনেল ডিজেষ্টাৰ ৰেছপণ্ড ফাণ্ড) গাইডলাইন অনুযায়ী এটা দুৰ্যোগক 'ৰাষ্ট্ৰীয় বিপৰ্যয় আৰু দুৰ্যোগ' হিচাপে ঘোষণা কৰাৰ অনুমতি নিদিয়ে ৷ অৱশ্যে যদি দুৰ্যোগৰ প্ৰকাৰ গুৰুতৰ হয় তেতিয়াহ'লে বানপানীকে ধৰি সংশ্লিষ্ট প্ৰাকৃতিক দুৰ্যোগৰ বাবে বিত্তীয় সাহায্য লাভ কৰিব ৷ এই সাহায্য আগবঢ়াব এছ ডি আৰ এফে আৰু পৰৱৰ্তী সময়ত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুযায়ী এন ডি আৰ এফৰ পাৰ ইয়াক পূৰণ কৰা হ'ব৷ আনহাতে, খহনীয়া নিয়ন্ত্ৰণকে ধৰি বান ব্যৱস্থাপনা বিষয়টো ৰাজ্য চৰকাৰৰ অধীন বুলিও ঘোষণা কৰা হয় ৷
ৰাজ্যিক প্ৰসংগত বান ব্যৱস্থাপনা আৰু খহনীয়া প্ৰতিৰোধ আঁচনি পৰিকল্পনা, তদন্ত আৰু কাৰ্যকৰীকৰণ ৰাজ্য চৰকাৰখনে নিজস্ব উৎসৰে অগ্ৰাধিকাৰ ভিত্তিত কৰিব লাগিব ৷ তেওঁ লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক প্ৰযুক্তিগত তত্ত্বাৱধান আৰু বিত্তীয় সাহায্যৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ৷
অসমত মুঠ ২৩৮৩.১১ কোটি টকাৰ ১৪১টা প্ৰকল্পত অনুমোদন জনোৱা হৈছে আৰু এফ এম পিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷ আনহাতে, একাদশ পৰিকল্পনাৰ সময়ত ৯৯৬.১৪ কোটি টকা মূল্যৰ ১০০টা প্ৰকল্প আৰু দ্বাদশ পৰিকল্পনাত ১৩৮৬.৯৭ কোটিৰ মুঠ ৪১টা প্ৰকল্পত অনুমোদন জনোৱাৰ কথাও প্ৰকাশ কৰে ৷ ইয়াৰ উপৰি ২০১৭-১৮ বৰ্ষত একাদশ পৰিকল্পনাৰ মুঠ ৭৪৮.৮৬ কোটি টকা কেন্দ্ৰীয় সাহায্য প্ৰদানৰ লগতে দ্বাদশ পৰিকল্পনাৰ ২৪৫.৪৯ কোটি টকা অসম চৰকাৰক মোকলাই দিয়া হৈছে ৷
উল্লেখ্য যে ২০১৮ চনৰ ৩১ মাৰ্চলৈকে একাদশ পৰিকল্পনাৰ আৰম্ভণিৰ পৰা অসমলৈ মুকলি কৰি দিয়া কেন্দ্ৰীয় সাহায্যৰ পৰিমাণ হ'ল ১০৫৯.২৪ কোটি টকা ৷
- Log in to post comments
- 55 views