নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ পৰা প্ৰায় ৫ কিঃমিঃ নিলগত অৱস্থিত ওপৰ ডুমডুমীয়া সত্ৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বংশীবদন বংশীগোপাল কীৰ্ত্তন ঘৰ (বুঢ়া নামঘৰ)ৰ নৱনিৰ্মিত ২য় বাৰ্ষিক মণিকূট প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে৷
মণিকূট প্ৰতিষ্ঠা দিৱস উদ্যাপন উপলক্ষে আজি সত্ৰীয়া ৰীতি অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ওপৰ ডুমডুমীয়া সত্ৰ চাৰি বুঢ়া নৰকান্ত নাথে, আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্জ্বলনৰ পিছতে অঞ্চলৰ ভকত বৈষ্ণৱসকলৰ সহযোগত আইমাতৃসকলে নাদসমূহৰ পৰা পানী তোলা পৰ্ব সম্পন্ন কৰে ৷ খোল প্ৰসংগৰ পিছতে আৰম্ভ হয় অখণ্ড ভাগৱত পাঠ ৷
৯ মাৰ্চ অৰ্থাৎ কাইলৈ পুৱা খোল প্ৰসংগ, আইসকলৰ নাম, প্ৰভু শ্ৰীৰামৰ প্ৰতিমূৰ্ত্তি প্ৰতিষ্ঠা, দুপৰীয়া ভকতসকলৰ নাম-কীৰ্তন অনুষ্ঠিত হ'ব ৷ নিশালৈ অসমৰ বিভিন্ন অঞ্চলৰপৰা আহি বৃহত্তৰ ডুমডুমীয়া অঞ্চলত বসবাস কৰা টে'ট শিক্ষকসকলৰ দ্বাৰা প্ৰদৰ্শিত হ'ব অসমীয়া ভাওনা |
ঐতিহাসিক শ্ৰীশ্ৰী বংশীবদন বংশীগোপাল কীৰ্ত্তন ঘৰৰ বাৰ্ষিক মণিকূট প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ এলেকাটোত এক আধ্যাত্মিক বাতাবৰণ পৰিলক্ষিত হৈছে ৷ প্ৰতিঘৰ লোকে নিজা নিজা পদূলিত গামোচা আঁৰি ভকত বৈষ্ণৱক আদৰণি জনোৱা দৃষ্টিনন্দন পৰিবেশে সকলোৰে মন-প্ৰাণ পুলকিত কৰি তুলিছে ৷
উদ্যাপন সমিতিয়ে কাৰ্যসূচীসমূহত অসমবাসী ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে |
- Log in to post comments
- 23 views