বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্বে জিলা প্ৰশাসনৰ সজাগতা সভা

বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্বে জিলা প্ৰশাসনৰ সজাগতা সভা

গোলাঘাট আৰু যোৰহাট জিলাত অবৈধ সুৰাপানৰ ফলস্বৰূপে চাহ বাগিচাৰ ১৫৯জন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিচত চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত সুৰাৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়োজন আহি পৰিছে৷ সেইবাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ গাতে লাগি থকা বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত সভাপতিৰ ভাষণত তেওঁ কয় যে চাহ বাগিচাৰ যি অপৰূপ সৌন্দৰ্য, বাগিচাৰ শ্ৰমিকসকলৰো জীৱন তেনেকুৱা সুন্দৰ হ'ব লাগিব৷

বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত অবৈধ সুৰাৰ বিৰুদ্বে জিলা প্ৰশাসনৰ সজাগতা সভা

কষ্টোপাৰ্জিত ধন অবৈধ সুৰাপানত ব্যয় নকৰি নিজৰ ল'ৰা-ছোৱালীৰ শিক্ষা-দীক্ষাৰ কামত খৰচ কৰিব লাগিব৷ জীৱনটো উন্নত পথেৰে আগবঢ়াই নিব লাগিব৷ সুৰা নামৰ বৰবিহৰ বিৰুদ্ধে মহিলাসকলে আগবাঢ়ি আহিব লাগিব৷ এই ক্ষেত্ৰত প্ৰশাসনে তেওঁলোকক সহায় কৰিব বুলিও কয়৷ উল্লেখ্য যে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সজাগতা সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, আবকাৰী বিভাগৰ অধীক্ষক চাৰ্চিল ব্ৰহ্ম, বীৰঝৰা চাহ বাগিচা পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিৰ সমন্বয়ক হীৰু বাগদী, অধিবক্তা হৰেশ্বৰ দাস আৰু বাগিচাৰ দুগৰাকী পুৰুষ আৰু মহিলাইও বক্তব্য ৰাখে৷ সভাত বঙাইগাঁও জিলাৰ শ্ৰম বিষয়া বৰ্ণালী চাংকাকতি আৰু জ্যেষ্ঠ পৰিকল্পনা বিষয়া তথা চাহ বাগিচাখনৰ পৰিচালক, আবকাৰী বিভাগৰ বিষয়া আৰু বাগিচাৰ শ্ৰমিকসকল উপস্থিত থাকে৷

Your Comments