গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসম চৰকাৰৰ অন্যতম শক্তিশালী মন্ত্ৰীৰূপে খ্যাত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত এক জনসভাত উপস্থিত হৈ মুখ্য মন্ত্ৰীৰ কৃষি সা-সঁজুলি আঁচনিৰ শুভাৰম্ভ কৰে। মুখ্য অতিথিৰূপে অংশ লোৱা স্বাস্থ্য মন্ত্ৰীজনে ভাষণ প্ৰসংগত অসমৰ বিভিন্ন দল-সংগঠন তথা বুদ্ধিজীৱীসকলক তীব্ৰ সমালোচনা কৰাৰ লগতে আগন্তুক নিৰ্বাচনত কোনো দলৰ সৈতে মিত্ৰতা কৰাৰ প্ৰসংগত কোনো মন্তব্য নিদি গা এৰা মনোভাব প্ৰকাশ কৰে। ইফালে, ইতিমধ্যে বিভীষিকা সৃষ্টি কৰা গোলাঘাট-যোৰহাটৰ সুৰা ট্ৰেজেডীৰ মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া বা অনাথ শিশুসকলৰ ব্যৱস্থা অতি সোনকালে চৰকাৰে গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। সাংবাদিকেৰে সৈতে হোৱা কথোপকথনত ১৪৪ ধাৰাৰ যোগেদি লালিগুড় নিষিদ্ধকৰণৰ বিষয়টোৰ পৰাও মন্ত্ৰীজন এৰাই চলে।
- Log in to post comments
- 31 views