ৰাজকমল চাংকাকতি
অভিনন্দন ৱৰ্তমান৷ এগৰাকী অদম্য সাহসী বায়ুসেনা বিষয়া৷ এই অভিনন্দন ৱৰ্তমানেই বুধবাৰে ধ্বংস কৰিছিল এখন পাকিস্তানী 'এফ-১৬'ক৷ কেইবাখনো পাকিস্তানী 'এফ-১৬' যুঁজাৰু বিমানে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি আহিছিল৷ লক্ষ্য আছিল ভাৰতীয় সামৰিক ঘাটীত বেমাবৰ্ষণ কৰা৷ কিন্তু বিমানকেইখনে ৱিং কমাণ্ডাৰ অভিনন্দনৰ চকুত ধূলি মাৰিবলৈ নোৱাৰিলে৷ ৱৰ্তমানে তেওঁৰ 'মিগ-২১ বাইছন'খনেৰে পাকিস্তানী 'এফ-১৬'ক আক্ৰমণ কৰিবলৈ তীব্ৰ গতিৰে আগুৱাই গ'ল৷
তেওঁ একেবাৰে ওচৰ পালে এখন 'এফ-১৬'ৰ৷ আকাশত দুয়োখন বিমানৰ মাজত তীব্ৰ গুলীয়াগুলী আৰম্ভ হ'ল- যাক কোৱা হয় 'ডগ ফাইট'৷ প্ৰশংসনীয় দক্ষতাৰে ৱৰ্তমানে কৰা গুলী বৰ্ষণত ক্ষতিগ্ৰস্ত হ'ল অত্যাধুনিক 'এফ-১৬'৷ 'এফ-১৬'খনৰ পাইলটজন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰ পথ লৈ দ্ৰুত বেগেৰে পাকিস্তানলৈ আগুৱাবলৈ ধৰিলে৷ ৱৰ্তমান কিন্তু ভাৰতত আক্ৰমণ কৰিবলৈ দুঃসাহস কৰা পাকিস্তানী বিমানখনক সহজে এৰি দিয়াৰ পক্ষত নাছিল৷ 'এফ-১৬'খনক একেবাৰে নিঃশেষ কৰিবলৈ তেওঁ পিছ ল'বলৈ ধৰিলে৷
দেশপ্ৰেমত নিমজ্জিত হৈ থকা অভিনন্দনে যেন পাকিস্তানৰ আকাশত প্ৰৱেশৰ বিপদৰ কথাও পাহৰি পেলালে৷ তেওঁ পাকিস্তানৰ আকাশত প্ৰৱেশ কৰিলে৷ ইফালে ৱিং কমাণ্ডাৰজনৰ 'মিগ-২১'ৰ গুলীত ক্ষতিগ্ৰস্ত পাকিস্তানী 'এফ-১৬'খন পাকিস্তান অধিকৃত কাশ্মীৰত ভূপতিত হয়৷ ভাৰতীয় পাইলটজনৰ লক্ষ্য-উদ্দেশ্য পূৰ্ণ হয়৷ কিন্তু প্ৰায় একে সময়তে অভিনন্দনৰ বিমানখনো বিকল হ'বলৈ আৰম্ভ কৰে আৰু তীব্ৰ গতিত ভূপৃষ্ঠলৈ নামি আহিবলৈ ধৰে৷
পাক অধিকৃত কাশ্মীৰৰ ভীমবেৰ জিলাৰ হ'ৰি গাঁৱত ভূপতিত হোৱাৰ পূৰ্বে 'মিগ-২১'খনৰ পৰা পেৰাছ্যুটেৰে ওলাই আহে ৱিং কমাণ্ডাৰজন৷ তাতেই তেওঁক প্ৰথমতে গাঁওবাসীয়ে কৰায়ত্ত কৰে৷ 'অমৰ উজালা' পত্ৰিকাৰ ৱেবছাইটত প্ৰকাশিত সংবাদ মতে অভিনন্দনৰ মিগ ভূপতিত হোৱা প্ৰত্যক্ষ কৰি হ'ৰি গাঁওখনৰ একাংশ যুৱক আগুৱাই আহে৷ যুৱকসকলে শিলগুটিৰে অভিনন্দনক আক্ৰমণ কৰে যদিও তেওঁ অস্ত্ৰহীন যুৱকসকলৰ ওপৰত গুলী নচলাই প্ৰশংসনীয়ভাৱে মানৱতা প্ৰদৰ্শন কৰে৷ ৱিং কমাণ্ডাৰজনে এটা সৰু পুখুৰীত জঁপিয়াই আৰু পানীত ভিজাই কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰ নষ্ট কৰে৷
ইয়াৰ পিছত কিছু প্ৰয়াসৰ অন্তত ৱিং কমাণ্ডাৰজনক গাঁওৱাসী যুৱকসকলে কৰায়ত্ত কৰে৷ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানী সেনাই আঘাতপ্ৰাপ্ত অভিনন্দনক আটক কৰি লৈ যায়৷ আঘাতপ্ৰাপ্ত অভিনন্দনক আটক কৰাৰ পিছত তেওঁৰ কিছু আলোকচিত্ৰ আৰু ভিডিঅ' পাকিস্তানী সেনাই ইণ্টাৰনেটত প্ৰকাশ কৰে ৷ চকু বান্ধি থোৱা অৱস্থাত অভিনন্দনৰ আলোকচিত্ৰ প্ৰকাশ কৰা আৰু তেওঁৰ বক্তব্যৰ ভিডিঅ' প্ৰকাশ কৰোটো 'জেনেভা চুক্তি'ৰ পূৰ্ণ উলংঘন৷
১৯৪৯চনৰ আন্তঃৰাষ্ট্ৰীয় জেনেভা চুক্তি অনুসৰি যুদ্ধকালীন পৰিস্থিতিত বন্দী সেনা জোৱানৰ অত্যাচাৰ কৰিব নোৱোৰি৷ যুদ্ধকালীন অপমানিত কৰিব নোৱোৰিব৷ পাকিস্তানে অভিনন্দনৰ আঘাতপ্ৰাপ্ত অৱস্থাৰ চকু বান্ধি থোৱা আলোকচিত্ৰ প্ৰকাশেৰে ৱিং কমাণ্ডাৰজনক অপমানিত কৰিছে-যি জেনেভা চুক্তিৰ উলংঘন৷ তেওঁৰ ভিডিঅ' বক্তব্য প্ৰকাশ কৰাটোও বন্দী অভিনন্দনক অপমান কৰাৰে প্ৰমাণ৷
ইফালে ভাৰতে পাকিস্তানক স্পষ্টভাৱে জনাই দিছে যে ৱিং কমাণ্ডাৰজনক বিনাচৰ্তে মুক্তি দিবই লাগিব৷ শেহতীয়া ঘটনাক্ৰমত অভিনন্দন ৱৰ্তমানত মুক্তি দিয়াৰ ক্ষেত্ৰত পাকিস্তানে বিনিময় পদ্ধতি অৱলম্বন কৰাৰ প্ৰয়াস আৰম্ভ কৰিছে৷ পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীয়ে প্ৰকাশ কৰিছে যে যদিহে যুদ্ধ সদৃশ পৰিস্থিতিৰ অৱসান ঘটে, তেন্তে অভিনন্দনক মুকলি কৰি দিয়াত দেশখন প্ৰস্তুত৷ কিন্তু ভাৰতে পাকিস্তানৰ বিদেশ মন্ত্ৰীৰ এই বক্তব্যক খাৰিজ কৰি ৱিং কমাণ্ডাৰজনক ততালিকে মুক্তি দিয়াৰ দাবী উৎত্থাপন কৰে৷
পাকিস্তানে অভিনন্দনৰ মুক্তিক লৈ ভাৰতৰ ওপৰত কান্দাহাৰ সদৃশ হেঁচা সৃষ্টি কৰিবলৈ বিচাৰিছে যদিও ভাৰতে কোনো ধৰণৰ হেঁচাত সেও নমনাতো স্পষ্ট হৈ পৰিছে৷ ৱিং কমাণ্ডাৰজনৰ মুক্তিৰ সন্দৰ্ভত পাকিস্তানৰ সৈতে কোনো ধৰণৰ বিনিময়ৰ কথাই নাহে বুলি ভাৰতে দৃঢ়ভাৱে উল্লেখ কৰিছে৷ ভাৰতৰ চৰকাৰী সূত্ৰই এই বিষয়টোতেই সৰ্বাধিক গুৰুত্ব দিছে যে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানে পুলৱামা আক্ৰমণৰ তদন্ত কৰা হ'ব বুলি যিখিনি কথা কৈছে, বাস্তৱত সেইয়া কাৰ্যকৰী কৰি দেখুৱাওক৷ ভাৰতীয় যুঁজাৰু বিমানৰ পাইলট অভিনন্দন ৱৰ্তমানক অমানৱীয় আৰু অপমানজনক ব্যৱহাৰ কৰি পাকিস্তানে জেনেভা চুক্তি উলংঘা কৰিলে৷
ইয়াৰ জৰিয়তে পাকিস্তানে যে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ প্ৰতি দায়বদ্ধ এখন ৰাষ্ট্ৰ নহয়, সেই কথা প্ৰমাণ হ'ল৷ বালাকোটত জঈছ-ই-মহম্মদৰ ঘাটীত ভাৰতৰ সফল আক্ৰমণৰ পিছত প্ৰতিশোধ পৰায়ণ হৈ পৰা পাকিস্তানী সেনাই ভাৰতীয় সেনাক অপমান কৰিবলৈ জেনেভা চুক্তি উলংঘা কৰিবলৈয়ো কুণ্ঠাবোধ নকৰিলে৷ এনে গৰ্হিত পদক্ষেপেৰে পাকিস্তানী সেনা ভাৰতৰ লগতে বিশ্বৰ প্ৰতিখন দেশৰে কঠোৰ সমালোচনাৰ পাত্ৰ হ'ল৷
কিন্তু ভাৰতৰ আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাত অৱশেষত নতি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল পাকিস্তান৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে বৃহস্পতিবাৰে ঘোষণা কৰিলে যে শুকুৰবাৰে অভিনন্দন ৱৰ্তমানক মুক্তি দিয়া হ'ব৷ শান্তিৰ বাৰ্তা প্ৰদানেৰে ৱিং কমাণ্ডাৰজনক মুকলি কৰি দিব বুলি উল্লেখ কৰে খানে৷ অৱশ্যে, জঈছ-ই-মহম্মদ, লস্কৰ-ই-তৈবাৰ বিৰুদ্ধে সফল কাৰ্যকৰী ব্যৱস্থা প্ৰত্যক্ষ কৰাৰ পিছতহে জানিব পৰা যাব পাকিস্তানৰ শান্তি প্ৰয়াসী মানসিকতা কিমান বিশ্বাসযোগ্য৷
- Log in to post comments
- 83 views