ভয়াৰ্ত পাকিস্তান৷ ভাৰতীয় সেনাই আক্ৰমণ কৰিব পাৰে বুলি আতংকিত হৈ পৰিছে পাকিস্তান চৰকাৰ আৰু সেনা। পাকিস্তান অধিকৃত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁওসমূহৰ জনতাক বাংকাৰ খান্দিবলৈ নিৰ্দেশ দিছে স্থানীয় প্ৰশাসনে।নিয়ন্ত্ৰণ ৰেখাৰ সমীপলৈ নাযাবলৈ আৰু নিশা প্ৰয়োজনতহে লাইট জ্বলাবলৈ কৈছে।তদুপৰি পাক অধিকৃত কাশ্মীৰৰ হাস্পতালসমূহক যুদ্ধৰ সময়ৰ সেৱাৰ বাবে প্ৰস্তুত থাকিবলৈ নিৰ্দেশ দিছে।পাকিস্তানী সেনাইও সীমাত ভাৰতৰ আক্ৰমণৰ সন্মুখীন হবলৈ সাজু হৈছে ।
- Log in to post comments
- 109 views
