বিচ্ছিন্নতাবাদৰ পৰা মিজোৰামৰ শাসনকৰ্তালৈ : জোৰাম থাংগাৰ ৰাজনৈতিক পৰিক্ৰমা

বিচ্ছিন্নতাবাদৰ পৰা শাসনকৰ্তালৈ : জোৰাম থাংগাৰ ঘটনাবহুল জীৱন

একালৰ বিদ্ৰোহী নেতা, মিজো নেচনেল ফ্ৰণ্ট (এম এন এফ)ৰ নেতা তথা মিজোৰামৰ দুটাকৈ কাৰ্যকালৰ মুখ্য মন্ত্ৰী জোৰাম থাংগা তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ৷

উল্লেখ্য যে ডিচেম্বৰ ১৯৯৮ৰ পৰা ডিচেম্বৰ ২০০৮ চনলৈ ক্ৰমাগত দুটাকৈ কাৰ্যকালত জোৰাম থাংগাই মিজোৰাম শাসন কৰিছিল ৷ আনহাতে, মিজো নেচনেল ফ্ৰণ্টৰ বিচ্ছিন্নতাবাদী আন্দোলৰ লালডেংগাই নেতৃত্ব প্ৰদান কৰি থকা সময়ত জোৰাম থাংগা আছিল দ্বিতীয় সৰ্বোচ্চ নেতা ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

ইয়াৰ পিছত মিজো নেচনেল ফ্ৰণ্টে যেতিয়া ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰে, তেতিয়া জোৰাম থাংগাক দলীয় নেতৃত্বৰ উত্তৰসুৰী হিচাপে মনোনীত কৰা হয় ৷

তেওঁ মিজোৰাম বিধানসভালৈ নিৰ্বাচিত হৈ ১৯৮৭ চনত চৰকাৰৰ বিত্ত আৰু শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰে ৷ ৰাজনৈতিক পট পৰিৱৰ্তনত ২০০৮ চনত অনুষ্ঠিত মিজোৰাম বিধানসভাত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুটা সমষ্টি উত্তৰ আৰু দক্ষিণ চাম্ফাই দুয়োটাতে কংগ্ৰেছ দলৰ হাতত  পৰাস্ত হয় ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

২০০৮ চনত পৰাজয়বৰণ কৰাৰ পিছত মিজো নেচনেল ফ্ৰণ্টে ২০১৮ত পুনৰবাৰ ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় আৰু তৃতীয়টো কাৰ্যকালৰ বাবে মুখ্য মন্ত্ৰীৰ গাদী দখল কৰে ৷

১৯৪৪ চনৰ ১৩ জুলাইত ছামথাং গাঁৱত জন্মলাভ কৰা জোৰাম থাংগা হ'ল মাক-দেউতাকৰ আঠটা সন্তানৰ ভিতৰত দ্বিতীয় ৷ তেওঁলোকৰ পৰিয়ালৰ ৫জন ভাই-ককাই আৰু তিনিগৰাকী ভগ্নী ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

১৯৫০ চনত জোৰাম থাংগাই প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে ৷ ইয়াৰ পিছত তেওঁ ১৯৫৪ চনত দক্ষিণ খাউবাঙত মজলীয়া বিদ্যালয়ত নামভৰ্তি কৰি ১৯৫৬ চনত ষষ্ঠ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয় ৷

তাৰপৰা তেওঁ আহি ১৯৫৭ চনত চাম্ফাই গান্ধী মেম'ৰিয়েল হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰে ৷ ১৯৬০ চনত তেওঁ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে ৷ আনহাতে, তেওঁ কলেজীয়া শিক্ষা লাভ কৰে মণিপুৰৰ ডি এম কলেজৰ পৰা ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

১৯৬৬ চনত যেতিয়া লালডেংগাৰ নেতৃত্বতত মিজো স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল তেতিয়া জোৰাম থাংগাই এই আত্মগোপনকাৰী সংগঠনটোত যোগদান কৰি অৰণ্য জীৱন আঁকোৱালি লয় ৷

এই সময়তে তেওঁক সংগঠনটোৰ ৰান বাং অঞ্চলৰ সচিবৰ দায়িত্ব অৰ্পণ কৰা হয় আৰি এই দায়িত্ব তেওঁ একনিষ্ঠাৰে তিন বছৰ পালন কৰে ৷ ১৯৬৯ চনত এম এন এফ কেডাৰসকল পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)লৈ নামি যায় ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

সেই সময়ত সংগঠনটোৰ সেনা প্ৰধান লালডেংগাই জোৰাম থাংগাক তেওঁৰ ব্যক্তিগত সচিব হিচাপে নিযুক্ত কৰে ৷ সাত বছৰ ধৰি তেওঁ এই দায়িত্ব পালন কৰে ৷

১৯৭৯ চনত তেওঁক সংগঠনটোৰ উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ জৰুৰী অৱস্থাৰ সময়ত তেওঁ আইজলৰ ওচৰত সেনাবাহিনীৰ হাতত গ্ৰেপ্তাৰবৰণ কৰে ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

ইয়াৰ পিছত অস্ত্ৰ সম্বৰণ কৰি মিজো নেচনেল ফ্ৰণ্টে মূলসুঁতিলৈ ঘূৰি আহে আৰু নতুন ৰাজনৈতিক দল গঠন কৰে ৷ ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে মিজো নেচনেল ফ্ৰণ্ট মিজোৰামৰ শাসনলৈ আহে আৰু লালডেংগাৰ নেতৃত্বত চৰকাৰ গঠন কৰে ৷

এই চৰকাৰত জোৰাম থাংগাই ৰাজ্যৰ বিত্ত আৰু শিক্ষা বিভাগটো চোৱাচিতা কৰে ৷ ১৯৯০ত লালডেংগাৰ মৃত্যুৰ পিছত জোৰাম থাংগা মিজো নেচনেল ফ্ৰণ্টৰ সভাপতি নিৰ্বাচিত হয় ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

১৯৯৮ চনৰ শেষভাগত অনুষ্ঠিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত জোৰাম থাংগাৰ নেতৃত্বত এম এন এফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেওঁ ৰাজ্যখনৰ পঞ্চমগৰাকী মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷

ইয়াৰ পিছত ২০০৩ চনত তেওঁ পুনৰ নিৰ্বাচিত হয় যদিও ২০০৮ চনৰ নিৰ্বাচনত তেওঁৰ দলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাতত বেয়াকৈ পৰাজয়বৰণ কৰিবলগা হয় আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুয়োটা সমষ্টিতে পৰাজিত হয় ৷

বিচ্ছিন্নতাবাদৰ১পৰা১শাসনকৰ্তালৈ১ো১জোৰাম১থাংগাৰ১ঘটনাবহুল১জীৱন

ইয়াৰ পিছৰ ২০১৩ চনৰ নিৰ্বাচনতো এম এন এফ পুনৰ পৰাজয়ৰ সন্মুখীন হয় যদিও ২০১৮ৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে ৰাজ্যৰ শাসনভাৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত মিজোৰাম বিধানসভাৰ মুঠ ৪০খন আসনৰ ভিতৰত এম এন এফে ২৬খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷

Your Comments