ডি টি পি অপাৰটেৰ আৰু গ্ৰাফিক ডিজাইনাৰ

dtp career

ডি টি পি অপাৰেটৰ আৰু গ্রাফিক ডিজাইনাৰ হিচাপেও অসমৰ যুৱক-যুৱতীসকলে এক সুন্দৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে৷ বৰ্তমান সময়ত হাতৰ আখৰৰ ব্যৱহাৰ কমি অহাৰ হেতু ডি টি পিৰ যোগেদি অধিকাসংখ্যক কাম সম্পন্ন কৰা দেখা গৈছে৷ তদুপৰি, ৰাজ্যখনত ছপাশালৰ সংখ্যা বৃদ্ধিৰ লগে লগে কিতাপ প্ৰকাশৰ সংখ্যাও অধিক হোৱা দেখা গৈছে৷ ফলস্বৰূপে ডি টি পি অপাৰেটৰসকলে গ্ৰাহকৰ চাহিদা অনুসৰি ‘ডেস্কটপ পাব্লিছিং ছফ্‌টৱেৰ’টো বিভিন্ন প্ৰিণ্ট মিডিয়া যেনে বাতৰিকাকত, কিতাপ, আলোচনী আদিত সঠিক ৰূপত আৰু দক্ষতাৰে ইয়াৰ প্ৰয়োগ কৰে৷ ডি টি পি অপাৰেটৰ হ’বলৈ নিৰ্দিষ্ট শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই যদিও স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিলে চৰকাৰী খণ্ডত নিযুক্তিৰ সুবিধা লাভ কৰে৷ তদুপৰি, শিক্ষাগত অৰ্হতা অধিক থকা ব্যক্তিসকলে ব্যক্তিগত খণ্ড তথা নামী প্ৰকাশকৰ তত্ত্বাৱধানত কাম কৰাৰ অধিক সুযোগ লাভ কৰে৷ ইয়াৰোপৰি ডি টি পি অপাৰেটৰ হ’বলৈ কোনো শিক্ষানুষ্ঠানত পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই, যিকোনো অভিজ্ঞ ডি টি পি অপাৰেটৰ অধীনতো আগ্ৰহী ব্যক্তিয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে৷ ডি টি পি অপাৰেটসকল ব্যৱহৃত ছফ্‌টৱেৰটোৰ শেহতীয়া তথ্যসম্বলিত সংস্কৰণৰ সম্পৰ্কে জ্ঞাত হ’ব লাগে৷

ইয়াৰোপৰি কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান, স্থানীয় আৰু ইংৰাজী ভাষাৰ জ্ঞান থকাৰ প্ৰয়োজন৷ ডি টি পি অপাৰেটৰসকলৰ ‘ডেস্কটপ পাব্লিছিং ছফ্‌টৱেৰ’টোৰ ব্যৱহাৰিক জ্ঞানৰ উপৰি সময়মতে কাম সম্পন্ন কৰিব পৰা ক্ষমতাৰ লগতে কষ্টসহিষ্ণু তথা সৃজনীশীল মনৰ অধিকাৰী হ’ব লাগিব৷ ছাত্ৰ-ছাত্ৰীৰ লগতে গৃহিণীসকলেও ঘৰতে বহি ডি টি পি অপাৰেটৰৰ কাম কৰিব পাৰে৷ ইয়াৰোপৰি যুৱক-যুৱতীসকলে কম অৰ্থ ব্যয়েৰে ডি টি পি চেণ্টাৰ খুলি স্বনিয়োজনৰ বাট মুকলি কৰিব পাৰে৷ সেইদৰে শিল্পীসুলভ, সৃজনীশীল মনৰ, ছবি আঁকি ভাল পোৱা ব্যক্তিসকলে গ্ৰাফিক ডিজাইনাৰ কেৰিয়াৰটি নিৰ্বাচন কৰিব পাৰে৷ যিকোনো গ্ৰাফিক ডিজাইনাৰ কেৰিয়াৰটি নিৰ্বাচন কৰিব পাৰে৷ যিকোনো কিতাপৰ এক সুন্দৰ বেটুপাত তথা বিভিন্ন উৎপাদিত সামগ্ৰীৰ সুন্দৰ ৰূপাংকনে গ্ৰাহকক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰে৷

সেয়েহে ডিজাইনাৰসকলে বিভিন্ন কৌশল অৱলম্বন কৰি আখৰ আৰু ছবিৰ সংযোজন ঘটাই অংকনৰ মাধ্যমেৰে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰে৷ গ্ৰাফিক ডিজাইনাৰ হ’বলৈ কম্পিউটাৰ ছফ্‌টৱেৰ জ্ঞান, টাইপ’গ্ৰাফী অৰ্থাৎ অক্ষৰ বিন্যাস শৈলীৰ জ্ঞান, ফটোগ্ৰাফীৰ লগতে ৰং নিৰ্বাচন কৰাৰ দক্ষতা থকাটো প্ৰয়োজনীয়৷ গ্ৰাফিক ডিজাইনাৰ হ’বলৈ ন্যূনতম শিক্ষাগত অৰ্হতা অধিক থকা ব্যক্তিসকলে নিয়োগৰ ক্ষেত্ৰখনত অধিক সুবিধা লাভ কৰিবলৈ সক্ষম হয়৷ এতিয়া পঢ়ুৱৈসকলৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে যে গ্ৰাফিক ডিজাইনাৰ আৰু ডি টি পি অপাৰেটৰৰ প্ৰশিক্ষণ অসমৰ ক’ত ক’ত গ্ৰহণ কৰিব পাৰিব? অসমৰ সকলো জিলাতে NIC (National Informatics Centre)ৰ কেন্দ্ৰ আছে৷ এই কেন্দ্ৰসমহত ডি টি পি, গ্ৰাফিক ডিজাইন আদি কম্পিউটাৰৰ বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে৷ সেইদৰে কিছুমান ITI (Industrial Training Institute)তো ডি টি পি, গ্ৰাফিক ডিজাইন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰে৷

তদুপৰি, আমাৰ ৰাজ্যখনৰ প্ৰায় সকলোকেইখন জিলাৰে কিছুমান উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা মহাবিদ্যালয়ত কম্পিউটাৰ প্ৰশিক্ষণ দিয়া হয়৷ অসমৰ সকলো জিলাতে বৰ্তমান বহুসংখ্যক ব্যক্তিগত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠা দেখা গৈছে৷ কিন্তু মন কৰিবলগীয়া এয়ে যে যিকোনো অনুষ্ঠানতে এই পাঠ্যক্ৰমসমূহৰ নামভৰ্তি কৰাৰ পূৰ্বে অনুষ্ঠানটোৰ প্ৰশিক্ষণ প্ৰদানৰ সবিশেষ জানি ল’ব লাগে৷ গ্ৰাফিক ডিজাইনাৰ আৰু ডি টি পি অপাৰেটৰসকলে অতি কম ব্যয়েৰে স্বনিৰ্ভৰশীল হ’ব পাৰে, যদিও বৃত্তিটোত যথেষ্ট অনুশীলনৰ প্ৰয়োজন হয়৷ গ্ৰাফিক ডিজাইন আৰু ডি টি পি অপাৰেটৰৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলে দেৱজ্যোতি বৰাৰ অসমীয়া ভাষাত প্ৰকাশিত ‘ডি টি পি অপাৰেটৰৰ পূৰ্ণাংগ ব্যৱহাৰিক হাতপুথি’ আৰু ‘গ্ৰাফিক ডিজাইনাৰৰ ব্যৱহাৰিক হাতপুথি’ নামৰ কিতাপ দুখনৰ সহায়ো ল’ব পাৰে৷

Your Comments