বিশেষ চিন্তা : সম্পাদকলৈ চিঠি

s

মাননীয় সম্পাদক মহোদয়,  

বৰ্তমান সৰহ সংখ্যক মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত ষাণ্মাসিক (Semester) পদ্ধতি প্রচলন হৈ আছে । এনে পদ্ধতিত শিক্ষাৰ্থীসকলে কোনো বিষয়ত উত্তীৰ্ণ নহ’লেও পৰৱৰ্তী ষাণ্মাসিক পৰীক্ষা দিয়াৰ সুযোগ লাভ কৰে । বহু ক্ষেত্ৰত দেখা যায় যে, শিক্ষাৰ্থী সকলে এনেবোৰ পৰীক্ষাৰ ফলাফলৰ সঠিক তথ্য অৱিভাৱক সকলক যোগান নধৰে ৷ ইয়াৰোপৰি, অভিভাৱকসকলেও স্নাতক পৰ্যায়ত ছাত্ৰ-ছাত্ৰী সকলৰ হাইস্কুল  আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ দৰে শৈক্ষিক  খা খবৰ নাৰাখে বা শিক্ষানুষ্ঠানৰ লগত সঘনাই যোগাযোগ নাৰাখে ৷ বহুসংখ্যক শিক্ষাৰ্থীয়ে অভিভাৱকৰ ভয়ত কোনো বিষয়ত অনুত্তীৰ্ণ হোৱা সম্পৰ্কে অৱগত নকৰে ৷ ফলস্বৰূপে, শিক্ষানুস্থানসমূহত অবাঞ্চিত পৰিবেশৰ সৃষ্টি হোৱা সঘনাই দেখা যায় ৷ আশা কৰিছো,  অভিভাৱকসকলে এই ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ সুন্দৰ ভৱিষ্যত গঢ়াত সহযোগ কৰাৰ লগতে শৈক্ষিক পৰিবেশৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিব ।  


ড° বুলজিৎ বুঢ়াগোহাঁই
অধ্যক্ষ,  
জি.আই.এম.টি. , তেজপুৰ
পিন -৭৮৪৫০১,অসম।

Your Comments