আৰ এছ এছৰ এক আদৰ্শ ব্যক্তি, এগৰাকী সুদক্ষ সাংগঠনিক, বাংগালুৰুৰ 'সৰ্বজনপ্ৰিয়' আৰু ৰাষ্ট্ৰ সংঘত কানাড়া ভাষাত বক্তৃতা প্ৰদান কৰা প্ৰথমগৰাকী ব্যক্তি, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অনন্ত কুমাৰৰ আজি দেহাৱসান ঘটে ৷
উল্লেখ্য যে বহুদিন ধৰি হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি পুৱতিনিশা এক ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ ৷
অনন্ত কুমাৰে ক্ৰমাগতভাৱে ষষ্ঠবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈ সবল ৰাজনৈতিক নেতৃত্ব আৰু বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি থৈ যায় ৷ ১৯৫৯ চনৰ ২২ জুলাইত জন্মগ্ৰহণ কৰা কলা আৰু আইনৰ স্নাতক অনন্ত কুমা ৰেনিজৰ সামাজিক জীৱন আৰম্ভ কৰিছিল আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জৰিয়তে ৷
তেওঁ এই সংগঠনটোৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি ৰাজ্যিক সম্পাদকৰ পৰা ৰাষ্ট্ৰীয় সম্পাদকৰ শাৰীত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰ পিছত ১৯৮৭ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা অনন্ত কুমাৰে ৰাজ্যিক যুৱ মঞ্চৰ সম্পাদক, সভাপতিৰ পৰা ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আৰু সভাপতিৰ আসনো অলংকৃত কৰি গৈছে ৷
অনন্ত কুমাৰৰ জনপ্ৰতিনিধি হিচাপে অভিষেক ঘটে ১৯৯৬ চনত ৷ সেই বছৰ তেওঁ দক্ষিণ বাংগালুৰু সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে প্ৰথম নিৰ্বাচিত হয় আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে অপ্ৰতিদ্বন্দ্বী হিচাপে লোকলভালৈ নিৰ্বাচিত হৈ আহিছে ৷
তেখেতৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, বিজেপিৰ সভাপতি, আৰ এছ এছৰ সভাপতিকে ধৰি কংগ্ৰেছৰ সভাপতি তথা আন ৰাজনৈতিক দলৰ নেতাসকলে শোক প্ৰকাশ কৰে ৷
- Log in to post comments
- 10 views