বিজেপিয়ে মহিলাসকলক প্ৰাপ্য অধিকাৰ তথা সন্মান দিয়াত কৃপণালি কৰে বুলি অভিযোগ আছে ৷ মহিলাৰ স্থিতি শক্তিশালী কৰাত বিজেপিৰ নেতৃবৰ্গৰ সহযোগ কম বুলিও অভিযোগ আছে ৷
ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাৰ সম-অধিকাৰক বাধা প্ৰদান কৰে বিজেপিৰ নেতৃবৰ্গই ৷ শেহতীয়াকৈ সবৰীমালা মন্দিৰৰ প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ এক বক্তব্যই বিজেপিৰ মহিলাৰ প্ৰতি দৃষ্টিভংগী পূৰ্বৰ দৰেই যে আছে সেইটো অধিকভাৱে স্পষ্ট কৰিলে ৷
সবৰীমালা মন্দিৰত যিকোনো বয়সৰ মহিলাই প্ৰৱেশ কৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে অলপতে এক নিৰ্দেশনা দিছিল ৷ কেৰালাত এই প্ৰসংগত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বিজেপিৰ সভাপতি অমিত শ্বাহে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সম্পূৰ্ণ অৱজ্ঞা কৰি ঘোষণা কৰিছে যে কেৰালাৰ সবৰীমালা মন্দিৰত কোনো মহিলাৰ প্ৰৱেশ বৈধ কৰিব নালাগে ৷
অমিত শ্বাহে মন্তব্য প্ৰকাশ কৰিছে যে এনে কৰিলে কেৰালা চৰকাৰ ভাগি পৰিব ৷ অমিত শ্বাহৰ মন্তব্যত জাঙুৰ খাই উঠিছে বহুসংখ্যক অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৷ পঞ্চাশগৰাকীতকৈও অধিক এই পৰ্যায়ৰ বিষয়াই অমিত শ্বাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷
পত্ৰখনত বিষয়াসকলে অভিযোগ কৰিছে যে ২৭ অক্টোবৰত বিজেপিৰ সভাপতি অমিত শ্বাহে উচ্চতম ৰায়ক অৱজ্ঞা কৰি সবৰীমালা মন্দিৰত কোনো মহিলা প্ৰৱেশ কৰিব দিব নালাগে বুলি মন্তব্য কৰিছিল ৷ অমিত শ্বাহে উচ্চতম ন্যায়ালয়ক অৱজ্ঞা কৰা প্ৰসংগত ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি বিষয়াসকলে দাবী জনাইছে ৷
ক্ষমতা আহৰণৰ স্বাৰ্থত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গই যিকোনো স্তৰলৈ নামি যাব পাৰে বুলি সচেতন সমাজখনত আজি মুকলি আলোচনা আৰম্ভ হৈছে ৷
- Log in to post comments
- 16 views