অসমৰ কৃষি ক্ষেত্ৰত সংযোজন হ'ব ধান জ্ঞান ভাণ্ডাৰ

a

কৃষি ক্ষেত্ৰত গৱেষণা আৰু ব্যৱহাৰিক ক্ষেত্ৰৰ মাজত থকা দূৰত্ব নাইকিয়া কৰাৰ উদ্দেশ্যে অসম কৃষি বিশ্ববিদ্যালয়ে  আন্তৰ্জাতিক ধান গৱেষণা প্রতিষ্ঠানৰ কাৰিকৰী সহযোগত এপাৰ্ট আঁচনিৰ অধীনত Rice Knowledge Bank অৰ্থাৎ ধান জ্ঞান ভাণ্ডাৰ এটি তৈয়াৰ কৰাৰ উদ্দেশ্যে ৫ নৱেম্বৰত ২০১৮ গুৱাহাটীত এখনি কৰ্মশালা অনুষ্ঠিত হয় ।

কৰ্মশালাৰ উদ্বোধনী সভাত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ দক্ষিণ এছিয়াৰ সমন্বয়ক ডঃ সুধাংশু সিং উপস্থিত থাকি ধান জ্ঞান ভাণ্ডাৰ অর্থাৎ আৰ কে বি কিদৰে অসমৰ কৃষকৰ বাবে সহায়ক হ'ব পাৰে তাৰ ওপৰত বক্তব্য ৰাখে। লগতে আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান কিদৰে বিশ্ববিদ্যালয়ৰ সহযোগত আগবাঢ়িব তাৰ চমু আভাষ দিয়ে ।

সভাত এৰিয়াছ ছ' চাইটীৰ কৃষি সমন্বয়ক হীৰেণ বৈশ্যই জ্ঞান ভাণ্ডাৰ ৱেবচাইট ভৱিষ্যতে সুকলমে বৰ্তি থকাত গুৰুত্ব দিয়ে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সঞ্চালক ডঃ প্ৰসন্ন পাঠক উপস্থিত থাকি আৰ কে বিৰ দৰে সম্প্ৰসাৰণ সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে । উল্লেখযোগ্য যে ধান তথ্য সম্ভাৰ এখন ডিজিটেল প্লেটফর্ম, য'ত কৃষিৰ বিভিন্ন প্ৰযুক্তি,বিভিন্ন তথ্য,সজাগতা সৃষ্টিকাৰী ভিডিঅ', টিউটৰিয়েল ভিডিঅ' থাকিব যিবোৰ সহজতে ডাউনলোড কৰিব পাৰিব ।

কৰ্মশালাত এৰিয়াছ ছ'চাইটীৰ বিষয়া, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী উপস্থিত থাকে । কৰ্মশালাখনি পৰিচালনা কৰে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিশেষজ্ঞ ডঃ পূৰ্ণিমা ৰবি শঙ্কৰে ।

Your Comments