দৰং জিলা কৃষি বিভাগৰ উদ্যোগত ধানখেতিৰ উন্নত পদ্ধতিৰ প্ৰশিক্ষণ

দৰং জিলা কৃষি বিভাগৰ উদ্যোগত ধানখেতিৰ উন্নত পদ্ধতিৰ প্ৰশিক্ষণ

যোৱা ৯ অক্টোবৰত দৰং জিলাৰ ইউথ ক্লাবত দৰং জিলা কৃষি বিভাগৰ উদ্যোগত আৰু আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান (IRRI) ৰ যুটীয়া উদ্যোগত এপাৰ্টৰ (APART) ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত ধানখেতিৰ উন্নত পদ্ধতিৰ ওপৰত এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায় ।

অনুষ্ঠানত উপস্থিত থাকি মহকুমা কৃষি বিষয়া উদ্ধৱ ডেকাই আধুনিক বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে ধানৰ উৎপাদন বৃদ্ধিত গুৰুত্ব প্ৰদান কৰে । অনুষ্ঠানত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান, ফিলিপাইনছৰ গুৱাহাটী কাৰ্যালয়ৰ কৃষি গৱেষণা আৰু  উন্নয়ন বিশেষজ্ঞ জ্যোতি বিকাশ নাথে চাপ সহনশীল বিভিন্ন ধানৰ জাত আৰু এপাৰ্ট প্ৰকল্পৰ জৰিয়তে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে অৱগত কৰে ।

প্ৰশিক্ষণত প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে কৃষি যান্ত্ৰিকীকৰণৰ বিভিন্ন প্ৰযুক্তি আৰু যন্ত্ৰসমূহ যেনে লেজাৰ লেণ্ড লেভেলাৰ, মেট নাৰ্ছাৰী, গুটি ছটিওৱা মেচিন, স্প্ৰেয়াৰৰ ব্যৱ্হাৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ।

কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য ৰক্ষা বিভাগৰ বিশেষজ্ঞ বনশ্ৰী মেধি উপস্থিত থাকি ধানৰ পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া বিভিন্ন পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান কৰে । আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ বিদ্যাধৰ ৰাউতো প্ৰশিক্ষণত উপস্থিত থাকে ।

অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ এপাৰ্ট আঁচনিৰ আঁচনি সহযোগী বাৰশ্ৰী বড়ো আৰু সহকাৰী আঁচনি বিজ্ঞানী নীলাক্ষী দত্ত উপস্থিত থাকে । এই অনুষ্ঠানত দৰং জিলাৰ ৩০জন সম্প্ৰসাৰণ কৰ্মী, কৃষকে প্ৰশিক্ষণ গ্রহণ কৰে ।

Your Comments