নগাঁৱত বৃ্দ্ধি 'চাইবাৰ ক্ৰাইম' : লক্ষ্য ষ্টেট বেংকৰ গ্ৰাহক

নগাঁৱত বৃ্দ্ধি 'চাইবাৰ ক্ৰাইম' : লক্ষ্য ষ্টেট বেংকৰ গ্ৰাহক

নিজৰ কষ্টোপাৰ্জিত ধনখিনি সুৰক্ষিত কৰি ৰাখিবৰ বাবে বেংকেই একমাত্ৰ ভাৰসাৰ থল বুলি গ্ৰাহকে মানি আহিছে যদিও বৰ্তমানৰ প্ৰেক্ষাপটত ইয়াৰ এক ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে ।

বৰ্তমান নগাঁও জিলাখনতে এটা দুষ্ট চক্ৰই বাহৰ পাতি লৈ বেংকসমূহ বিশেষকৈ ষ্টেট বেংকৰ শাখাসমূহৰ গ্ৰাহকক লক্ষ্য হিচাপে লৈ ধাৰাবাহিকভাৱে এই চক্ৰটোৱে কোটি কোটি টকা হেক কৰি ধন হৰলুকি কৰিছে ।

 যাৰবাবে জিলাখনৰ ৰাইজ আতংকিত হৈ পৰিছে । বিশেষকৈ কলিয়াবৰৰ হাতীগাঁওস্থিত কলিয়াবৰ ষ্টেট বেংক শাখাৰ পৰা এসপ্তাহৰ ভিতৰতে ১০ লাখকৈ টকা  গ্ৰাহকৰ একাউন্ট হেক কৰি হেকাৰে উলিয়াই নিয়ে ।

নগাঁৱত বৃ্দ্ধি 'চাইবাৰ ক্ৰাইম' : লক্ষ্য ষ্টেট বেংকৰ গ্ৰাহক

জানিব পৰামতে, কাৱৈমাৰীৰ ছফিৰুদ্দিন নামৰ ব্যক্তিজনৰ 'ছেভিংছ একাউন্ট'ৰ পৰা ৪.৫ লাখ আৰু উলুৱনিৰ ৰণ বাহাদুৰৰ 'ফিক্স্‌ড ডিপ'জিট'ৰ পৰা মুঠ ৫.৫ লাখ টকা উলিয়াই নিবলৈ সক্ষম হয় এই দুষ্ট চক্ৰটোৱে ।

এই লৈ দুয়োগৰাকী ভুক্তভোগীয়ে কলিয়াবৰ আৰক্ষী থানাত এজাহাৰ দিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । 'চাইবাৰ ক্ৰাইম'ৰ  দৰে অপৰাধ কৰা অপৰাধীক কৰায়ত্ত কৰাৰ বাবে তেনেধৰণৰ প্ৰশিক্ষণ আৰক্ষীৰ নথকাৰ বাবে সফলতা লাভ কৰিব পৰা নাই ৷

আনহাতে, সাধাৰণ গ্ৰাহকসকলৰ মাজত সজাগতা আনিবৰ বাবে ঠায়ে ঠায়ে একোখনকৈ সজগতা সভা অনুষ্ঠিত কৰি ৰাইজক এই বিষয়ে অৱগত কৰি সজাগতা অনাৰ ব্যৱস্থা কৰিব লাগে বুলি বেংক পৰিচালক মৃদুল কুমাৰ বৰাই এই প্ৰতিবেদকৰ আগত কয় ।

ইফালে ইয়াৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ উদ্যোগত 'চাইবাৰ ক্ৰাইম' শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰে । সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহা, নগাঁও জিলাৰ আৰক্ষী বিষয়া জোন দাস, অসম আৰক্ষীৰ 'চাইবাৰ ক্ৰাইম' বিভাগৰ নগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰী, কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু দিনবন্ধু ভূঞা উপস্থিত থাকে ।

Your Comments