আন্তঃৰাষ্ট্ৰীয় ডেস্ক:
ইংলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হবলৈ ওলাইছে ঋষি চোনাক৷ পূৰ্বৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন প্ৰতিযোগিতাৰ দৌৰৰ পৰা আতঁৰি যোৱাত আজি সন্ধিয়া তেখেত নিৰ্বাচিত হ’ব বুলি আশা কৰা হৈছে। ভাৰতীয় মূলৰ ঋষি চোনাকৰ পিতৃ মাতৃয়ে পূব আফ্ৰিকাৰ পৰা ১৯৬০ চনত ইংলেণ্ডলৈ আহিছিল।
ৰিচমণ্ডৰ সাংসদ চোনাক ষ্টেণ্ডফৰ্ডৰ পৰা বিজনেচ মেনেজমেণ্টৰ স্নাতক। গুৰুত্বপূৰ্ণ কথা এই যে, বিজনেচ মেনেজমেণ্টত অতি পাৰদৰ্শী ব্যক্তিজন ২০১৫ চনৰ পৰা সাংসদ হৈ আছিল আৰু বিত্ত বিভাগকে ধৰি বিভিন্ন সময়ত ইংলেণ্ড প্ৰশাসনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। কনজাৰভেটিভ পাৰ্টিৰ নেতা বৰিছ জনছনে পদত্যাগ কৰাৰ পাছত লীজ ট্ৰাছৰ লগত প্ৰধানমন্ত্ৰীৰ প্ৰতিদ্বন্দিতাত হাৰিছিল ঋষি চোনাক, কিন্তু লিজ ট্ৰাছে ৪৫ দিনৰ পাছতেই পদত্যাগ কৰিবলৈ বাধ্য হয় ৷
বৰ্তমান ইংলেণ্ড ব্যাপক আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছে আৰু বিভিন্ন সমস্যাত দেশখন ভাৰাক্ৰান্ত। বহুতে ভাবিছে যে পূৰ্বৰ বিত্ত বিভাগৰ দায়িত্বত থকা, ক’ভিডৰ সময়ত দেশখনৰ অৰ্থনীতি ভালদৰে চলাই নিয়া ঋষি চোনাকে দেশখনৰ এই বিপৰ্যয়ৰ সময়ত ভালদৰে চৰকাৰ চলাই আগুৱাই লৈ যাব পাৰিব। তেখেতৰ পত্নী বিখ্যাত উদ্যোগপতি নাৰায়ণ মূৰ্তিৰ কন্যা অক্ষতা মূৰ্তি। মূৰ্তি প্ৰসিদ্ধ ভাৰতীয় আই টি কোম্পানী ইনফচিচৰ সৃষ্টিকৰ্তা। এজন ভাৰতীয় মূলৰ ব্যক্তি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়াতো ভাৰতীয়সকলৰ বাবে অত্যন্ত গৌৰৱৰ কথা। সমগ্ৰ বিশ্বতে ভাৰতীয় সকলে দিনে দিনে নিজা কৰ্মৰ জৰিয়তে আগভাগ ল'বলৈ সক্ষম হৈছে। দেশখনৰ অৰ্থনীতি খুবেই বেয়া অৱস্থাত আছে, ইউক্ৰেইন যুদ্ধই সমগ্ৰ বিশ্বত বিপদ ঘটাইছে, বিশেষকৈ ইংলেণ্ডৰ। চোনাকৰ প্ৰশাসন পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় শিক্ষা আৰু অভিজ্ঞতা আছে।
- Log in to post comments
- 67 views