মধ্য নগাঁও কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ ব্যৱস্থাপনাত আৰু পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ উদোগত দেওবাৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ।
এই উপলক্ষে পুৰণিগুদামৰ খাউণ্ডচুক কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই । অসম ব্ৰাহ্মণ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল কুমাৰ গোস্বামী আৰু সম্পাদক প্ৰধান গণেশ শৰ্মা উপস্থিত থকা সভাত ব্ৰাহ্মণ সমাজৰ বিভিন্ন সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰা হয় ।
অবিভক্ত নগাঁও জিলাত মুঠ ২৩খন আঞ্চলিক আছে । এই আঞ্চলিকসমূহৰ বিভিন্ন সমস্যাৰাজি আৰু সাংগঠনিক দিশৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয় । সভাত কেইবাখনো আঞ্চলিক মিলি একোখনকৈ বৈদিক কৰ্মশালা আয়োজন কৰি সেই কৰ্মশালাত নিয়াৰিকৈ বৈদিক কাম কৰাৰ ক্ষেত্ৰত পুৰোহিতসকলক উৎসাহিত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ইয়াৰ উপৰি জিলা ব্ৰাহ্মণ সমাজৰ অধীনত থকা জিলা মহিলা উপ-সমিতিক অধিক সক্ৰিয় কৰি মহিলাসকলৰ জৰিয়তে সমাজখনক অধিক গতিশীল কৰিবলৈ সভাত আলোচনা কৰা হয় ।
সভাত মধ্য নগাঁও কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ সভাপতি গকুল চন্দ্ৰ শৰ্মা, সম্পাদক হৰেশ্বৰ শৰ্মা, জিলা মহিলা উপ-সমিতিৰ সভানেত্ৰী সুবৰ্ণ গোস্বামী, কাৰ্যকৰী সভানেত্ৰী গুণদা গোস্বামী, সম্পাদিকা বজয়ন্তী খাউণ্ডৰ উপৰি বহুকেইবাগৰাকী মহিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে বুলি পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ সভাপতি দুলাল শৰ্মা আৰু সম্পাদক তীৰ্থ খাউণ্ডে জনাইছে ।
উল্লেখ্য যে অহা ১১ অক্টোবৰত কলিয়াবৰৰ নাগশংকৰত অসম ব্ৰাহ্মণ সমাজৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন হোৱাৰ লগতে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ দ্বিবাৰ্ষিক অধিবেশন নগাঁও নগৰ আঞ্চলিকৰ ব্যৱস্থাপনাত নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত হ'ব ।
এই দুয়োটা কাৰ্যসূচীত জিলাখনৰ সকলো প্ৰাথমিকৰ বিষয়ববীয়াৰ উপস্থিতি জিলা ব্ৰাহ্মণ সমাজে কামনা কৰিছে ।
- Log in to post comments
- 13 views