অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত ভাষা-সাহিত্যৰ উত্তৰণমুখী চিন্তা-চেতনাৰে উজ্জীৱিত হোৱা সদৌ লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক অধিবেশনখনি অহা ৩০ ছেপ্টেম্বৰত নাৰায়ণপুৰ শাখাৰ সহযোগত অনুষ্ঠিত হ'ব ।
সৃষ্টি প্ৰয়াসী মহিলাসকলৰ উৎসাহ-উদ্দীপনাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্য সম্পাদন কৰি অহা লেখিকা সমাৰোহ সমিতিৰ জিলা বাৰ্ষিক অধিবেশনখনি নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদ্যাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷
কাৰ্যসূচী অনুসৰি, উক্ত দিনা পুৱা ৮.৩০ বজাত পৰিবেশ নিকাকৰণৰ পিছতে পতাকা উত্তোলন কৰিব লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী স্বপ্না চেতিয়া গগৈয়ে ৷ বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক বোধেন হাজৰিকাই আৰু স্মৃতি তৰ্পণ কৰিব মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তুলেশ্বৰ পেগুৱে ।
দিনৰ ১০ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব । জিলা সভানেত্ৰী স্বপ্না চতিয়া গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰিব মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী মৃন্ময়ী দাসে ।
মুকলি সভাখনত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা দৰ্পণা বৰা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰি নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী দীপাঞ্জলি দত্তই ।
লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰনাথ শইকীয়াই স্মৃতিগ্ৰন্থ উন্মোচন কৰিবলগা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰীদ্বয় পুষ্পা গগৈ আৰু জয়া সেনাপতি আৰু পত্ৰিকা সম্পাদিকা ৰেখা ফুকনে ৷
সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী আৰতি গোহাঁই দুৱৰাই ।
অধিবেশনখনি সফল কৰি তুলিবৰ বাবে কণমাই বৰুৱাক সভানেত্ৰী আৰু দেৱযানী বুঢ়াগোহাঁইক সম্পাদিকা হিচাপে লৈ এখনি আদৰণী সমিতি গঠন কৰা হৈছে । অধিবেশনত সকলোৰে উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিছে লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মৰমী হাজৰিকাই ৷
- Log in to post comments
- 18 views