শক্তি বিভাগৰ বিৰুদ্ধে হোজাই জিলা কৃষক মুক্তিৰ ধৰ্ণা

শক্তি বিভাগৰ বিৰুদ্ধে হোজাই জিলা কৃষক মুক্তিৰ ধৰ্ণা

আজি হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল কৃষক মুক্তি সংগ্ৰাম সমিতি |

সৰ্বানন্দ সোণোৱালৰ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতিক তীব্ৰ সমালোচনা কৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থকে |

সকলো গাঁৱলৈ বিদ্যুৎ যোগান ধৰা, অনিয়মীয়া বিদ্যুৎ যোগান নিয়মীয়া কৰা, গাঁৱত বাস কৰা সকলোকে বিপিএল মিটাৰ যোগান ধৰা আদি কেইবাটাও দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক সংগঠনটোৱে |

শক্তি বিভাগ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, তপন গগৈ হায় হায় শ্লোগানেৰে উপায়ুক্তৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই হোজাই জিলা উপায়ুক্তক বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে বিভিন্ন দাবীসম্বলিত এক স্মাৰক-পত্ৰ দাখিল কৰে |

আনহাতে, হোজাই জিলাত বিদ্যুতৰ বিপিএল সংযোগ এপিএল কৰি বিক্ৰী কৰি থকাৰ ভয়ংকৰ অভিযোগো উল্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে |
 

Your Comments