নিউজ ডেস্ক:
গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-২০ ক্রিকেট খেলৰ টিকটৰ মূল্য নিৰ্ধাৰণ।২ অক্টোবৰত অনুষ্ঠিত হ'ব লগা খেলখনৰ টিকটৰ মূল্য নিৰ্ধাৰণ কৰিছে আয়োজন সমিতিয়ে।ন্যূনতম ১৫০০ টকাৰ পৰা আৰম্ভ হ'ব টিকটৰ মূল্য।সৰ্বাধিক ৬০০০টকা লৈকে উপলব্ধ হ'ব লগা টিকটৰ ভিতৰত আছে ২০০০, ৩০০০, ৩৫০০, ৪০০০টকা।ইফালে ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইত উপলব্ধ হ'ব টিকট।ছাত্ৰ-ছাত্ৰীৰ বাবে ৪৭৫টকাত উপলব্ধ হ'ব টিকট।উল্লেখ্য যে,অসম ক্রিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।
আনহাতে ছেপ্টেম্বৰৰ শেষৰ ফালে উপলব্ধ হ'ব টিকট।অনলাইন যোগে বুক কৰিব পাৰিব টিকট।
- Log in to post comments
- 4 views