বৰক্ষেত্ৰীত সৌভাগ্য আঁচনিৰ বৈদ্যুতিক মিটাৰ বিতৰণ বিধায়ক নাৰায়ণ ডেকাৰ

বৰক্ষেত্ৰীত সৌভাগ্য আঁচনিৰ বৈদ্যুতিক মিটাৰ বিতৰণ বিধায়ক নাৰায়ণ ডেকাৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বামুণবড়ী আৰু নদীয়া চৰত আজি সৌভাগ্য আঁচনিৰ অধীনস্থ প্ৰায় তিনিশ বিনামূলীয়া বৈদ্যুতিক মিটাৰ বিতৰণ কৰা হয় ।

এই উদ্দেশ্যে পৃথকে পৃথকে অনুষ্ঠিত হোৱা দুখন সভাত অংশগ্ৰহণ কৰি বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাই ৰাইজক সম্বোধন কৰি কয় যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে প্ৰতিটো গৰীৱ পৰিয়ালকে  বৈদ্যুতিক মিটাৰ প্ৰদান কৰিব ।

বৰক্ষেত্ৰীত সৌভাগ্য আঁচনিৰ বৈদ্যুতিক মিটাৰ বিতৰণ বিধায়ক নাৰায়ণ ডেকাৰ

এই ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে বিধায়কগৰাকীয়ে । ইয়াৰ উপৰি আগন্তুক দুই অক্টোবৰৰ পৰা ষাঠি বছৰ বয়সৰ ওপৰৰ ব্যক্তিয়ে বৃদ্ধ পেন্সন পাবলৈ সক্ষম হ'ব বুলিও ৰাইজক অৱগত কৰে ।

এই উদ্দেশ্যৰে বামুণবড়ীত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বামুণবড়ী গাঁও উন্নয়ন সমিতিৰ সভাপতি ফাইজুৰ ৰহমানে । সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী মণ্ডল সংখ্যালঘু সমিতিৰ সভাপতি কামেজ আলীৰ লগতে কেইবাগৰাকীও বিজেপি নেতা-কৰ্মীয়ে অংশ-গ্ৰহণ কৰে ।

সভাখনৰ আঁতধৰে বামুণবড়ী গাঁও উন্নয়ন সমিতিৰ সম্পাদক দ্বাৰাজ আলীয়ে ।
 

Your Comments