অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ বঙাইগাঁও জিলা সমিতিখন দেওবাৰে নতুকৈ গঠন কৰা হয় ৷
এই উপলক্ষে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত শংকৰ-মাধৱ একাডেমীত বিয়লি এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য গণেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতীয়ে সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিতং ব্যাখ্যাৰে বক্তব্য আগবঢ়ায় ৷
পিছত সভাত তৰালী উপাধ্যায়ক সভানেত্ৰী, ভাৰতী বৰ্মন আৰু উৎপলা সৰকাৰক উপ-সভানেত্ৰী আৰু ললিতা বৰ্মনক সাধাৰণ সম্পাদিকা হিচাপে লৈ ৩১জনীয়া বঙাইগাঁও জিলা জাতীয় মহিলা পৰিষদৰ নতুন সমিতিখন গঠন কৰা হয় ৷
সভাত জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰূপক ৰায়, যুটীয়া সম্পাদক দেৱজিৎ ৰায়, যোগীঘোপা আঞ্চলিক সমিতিৰ সভাপতি আব্দুল অমৰ ফাৰুক আদি উপস্থিত থাকে ৷
- Log in to post comments
- 20 views