অসমীয়া ভাষা গুগল অনুবাদত অন্তৰ্ভুক্ত

A

নিউজ ডেস্ক:

অসমীয়া ভাষাৰ বাবে গৌৰৱৰ খবৰ।গুগল অনুবাদত স্বীকৃতি পালে অসমীয়া ভাষাই।নতুনকৈ সংযোজন হোৱা ২৪টা ভাষাৰ ভিতৰত স্থান পালে অসমীয়া ভাষাই।উল্লেখ্য যে ,অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই প্ৰথম অধিৱেশনতে গুগল অনুবাদত ভাষাটো  অন্তৰ্ভুক্ত কৰাৰ কথা অৱগত কৰিছিল।তাৰ বাবে সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছিল।ইফালে বিগত বৰ্ষত কোভিডৰ বাবে ঘোষিত লকডাউনৰ সময়ত পুনৰ তেওঁ গুগল অনুবাদত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে আহ্বান জনায়।শইকীয়াৰ আহ্বানলৈ সঁহাৰি জনাই প্ৰায় ২০০ৰো অধিক নৱপ্ৰজন্ম ওলাই আহে।বিভিন্ন কৰ্মশালা তথা প্ৰৱাসী একাংশ অসমীয়াৰ সৈতে এই বিষয়ত কথা পতা বুলিও শইকীয়াই কয়।কোমল বয়সৰ ল'ৰা-ছোৱালীয়ে নিজাকৈ অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম আগবঢ়াই গৈছিল।
আনহাতে শইকীয়াই কয় পৰৱৰ্তী লক্ষ্য ইউনিক’ডত অসমীয়া লিপিক অন্তৰ্ভুক্ত কৰা।

Your Comments