গুৱাহাটীৰ বজাৰত পাচলিৰ জুই-চাই দাম; বৃদ্ধি পালে ৫-৩০টকা পৰ্যন্ত তেলৰ দাম

A

নিউজ ডেস্ক:
ইন্ধনজাত সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে এইবাৰ বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক।বিশেষকৈ বিগত এটা পষেকত খাদ্য-নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য দৈনিক বৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক।তাৰ মাজতে এইবাৰ বৃদ্ধি পাইছে পাম অইল, ৰিফাইনৰ তেলৰ মূল্য।পাইকাৰী বজাৰত প্ৰতি লিটাৰত ৫-১০টকা পৰ্যন্ত বৃদ্ধিৰ বিপৰীতে খুচুৰা বজাৰত ৫-৩০ টকা বৃদ্ধি পাইছে তেলৰ দাম।ইণ্ডোনেছিয়াই পাম অইল বিদেশলৈ ৰপ্তানি বন্ধ কৰাৰ ফলতে পাম অইল, ৰিফাইনৰ দাম বৃদ্ধি হৈছে।উল্লেখ্য যে ,ইণ্ডোনেছিয়াই শীঘ্ৰে পাম অইল বিদেশলৈ ৰপ্তানি  কৰিব। ৰপ্তানি আৰম্ভ কৰিলেই খোৱা তেল ,পাম অইল আৰু ৰিফাইনৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি ফাঁচীবজাৰৰ পাইকাৰী ব্যৱসায়ীয়ে জানিবলৈ দিছে।
ইফালে বিকাজি ভুজিয়াৰ পেকেটো ৫ টকাকৈ বৃদ্ধি পাইছে। 
আনহাতে শাক-পাচলিৰ অভাৱনীয় হাৰত নিতৌ মূল্যবৃদ্ধি হৈ আছে।মহানগৰীৰ প্ৰতিখন বজাৰত শাক পাচলিৰ বজাৰ মূল্যত আকাশ পাতাল পাৰ্থক্য থকা দেখা গৈছে।খুচুৰা বজাৰত প্ৰতি কিলো বন্ধা কবি ৬০টকা, স্কোৱাচ ৩০টকা, বিলাহী ৬০টকা, ভাতকেৰেলা ১৫০-১৬০,জিকা ৬০ টকা, গাজৰ ৮০টকা, পটল ৭০-৮০টকা,  ভেণ্ডি ৮০টকা, তিয়হ ৫০- ৬০টকা, ৰঙালাও ৪০টকা, লেচেৰা ৮০টকা, বিন ৮০টকা , তিতা কেৰেলা ৮০টকাকৈ মহানগৰীৰ বজাৰত বিক্ৰী হৈছে।

ইপিনে এই পাচলি সমূহৰ ফাঁচী বজাৰত পাইকাৰী মূল্য প্ৰতিকিলো জিকা ৩৫-৪০টকা, বন্ধাকবি ৩০-৪০ টকা,  ভাত কেৰেলা ৭০-৮০টকা, ভেণ্ডি ৪০টকা, গাজৰ ৪০টকা, বিলাহী ৪০ টকা, বিন ৫০টকা, মটৰ ৬০টকা, লেচেৰা ৫০টকা, ৰঙালাও  ১৬-১৮টকা, তিয়হ ১৮টকা , স্কোৱাচ ২০টকা পৰ্যন্ত বিক্ৰী হৈছে।উল্লেখ্য যে পাইকাৰী বজাৰতো পাচলিৰ সামান্য মূল্য বৃদ্ধি পাইছে।কিন্তু তাৰ তুলনাত মহানগৰীৰ খুচুৰা বজাৰত অধিক চৰা দামত ক্ৰয় কৰিব লগা হৈছে পাচলি। 
বৰ্তমান খাৰুপেটীয়া, বৰপেটা ৰোডৰ পৰা কিছু সংখ্যক পাচলি আহিছে যদিও বেংগলৰ পৰা ভেণ্ডি, পটল, জিকা, লেচেৰা, বন্ধা কবি, বিলাহী আদি আহি আছে। উৎপাদন কমি যোৱাৰ বাবে পাচলিৰ মূল্য বৃদ্ধি হোৱা বুলি ব্যৱসায়ী সকলে মন্তব্য কৰে।আগন্তুক দিনত আৰু অধিক পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে ব্যৱসায়ীসকলে।

Your Comments