পাণবজাৰত এইচ ডি ইণ্টাৰনেচনেল এডুকেচনেল পাব্লিচাৰ্ছৰ 'নিয়োগ প্ৰস্তুতি' শীৰ্ষক গ্ৰন্থ উন্মোচন

A

B

নিউজ ডেস্ক:
যোৱা ৮ এপ্ৰিল  শুক্ৰবাৰে গুৱাহাটী পাণবজাৰস্হিত এইচ ডি ইণ্টাৰনেচনেল এডুকেচনেল পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত “নিয়োগ প্ৰস্তুতি“ শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয় ৷গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা শিক্ষাবিদ ড° বিজিত তালুকদাৰে ৷চাকৰি প্ৰাৰ্থী সকলৰ সাক্ষাৎকাৰত সহায়ক হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা গ্ৰন্হখন উন্মোচন কৰি ড° তালুকদাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প-পত্ৰ কিদৰে পূৰাব লাগে,পৰীক্ষাত কিদৰে পঢ়ি অৱতীৰ্ণ হৈ কৃতকাৰ্যতা লাভ কৰিব পাৰি  সেই বিষয়েও ভাষণ প্ৰদান কৰে ৷

Your Comments