কামৰূপৰ পছৰীয়া ন-পাৰাত তিনি দিনীয়াকৈ লক্ষ্মী পূজা উদযাপন

A

B

নিউজ ডেস্ক:
কামৰূপৰ পছৰীয়া ন-পাৰাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অষ্টম বাৰ্ষিক লক্ষ্মী পূজা উদযাপন কৰা হৈছে ৷কাৰ্যসূচীমতে ১১ মাৰ্চ অৰ্থাৎ আজি পুৱা চাফাই কামৰ পিছতে পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি সন্তোৰাম কলিতাই ৷আবেলি ৩ বজাত প্ৰতিমা লৈ শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰা হ’ব ৷শোভাযাত্ৰা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাই ৷ইয়াৰ পিছতে বেদীত প্ৰতিমা স্হাপন কৰি বন্তি প্ৰজ্বলন কৰা হ’ব আৰু সন্ধিয়া ৬ বজাৰ পৰা দেৱীৰ স্তুতি মন্ত্ৰ পাঠ আৰু দেৱী বন্দনা আৰু আয়তীৰ নাম প্ৰসংগ আৰম্ভ হ’ব ৷নিশা ৯ বজাত গুৰু শংকৰদেৱ নাট্য পৰিষদৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ’ব ৷উক্ত নাটখন উদ্বোধন কৰিব ন- পাৰা নামঘৰ উন্নয়ন সমিতিৰ সভাপতি অৰবিন্দ ডেকাই ৷১২ মাৰ্চৰ পুৱা ৬ বজাত প্ৰভাত ফেৰী ,৭ বজাত জলযাত্ৰা ,৯ বজাত আয়তীসকলৰ নাম প্ৰসংগ ,দেৱীৰ পূজা মন্ত্ৰ পাঠ আৰু ওজাপালিৰ দেৱী বন্দনা কৰা হ’ব ৷তাৰ পিছতে ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হ’ব ৷দিনৰ ১২ বজাত হোমদান কৰাৰ পিছত পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণ কৰা হ’ব ৷১ বজাত দেৱীৰ মহাভোগ গ্ৰহণ কৰা হ’ব ৷সন্ধিয়া ৬ বজাত ভক্তি বন্দনা ,আৰতি আৰম্ভ কৰা হ’ব ৷সন্ধিয়া সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে মহিলা নাগাৰা নাম প্ৰদৰ্শন কৰা হ’ব ৷১৩ মাৰ্চৰ পুৱা প্ৰভাত ফেৰী ,ঊষা কীৰ্তন আৰু লক্ষ্মী বন্দনাৰ পিছত দেৱীৰ পূজা ,স্তুতি আৰু মন্ত্ৰ পাঠ আৰম্ভ কৰা হ’ব ৷দিনৰ ১২ বজাত ওজাপালি ,৩ বজাত ধৰ্মালোচনী আৰু মুকলি সভাৰ পিছত প্ৰসাদ বিতৰণ কৰা হ’ব ৷পূজাৰ কাৰ্যসূচী  পৰিচালনাৰ বাবে সন্তোৰাম কলিতাক সভাপতি ,দিগম্বৰ কলিতাক উপ-সভাপতি,দীনেশ কলিতাক সম্পাদক ,সমীন কলিতা ,মদন চন্দ্ৰ কলিতাক সহঃ সম্পাদক ,মনোমোহন কলিতাক কোষাধ্যক্ষ হিচাপে লৈ পৰিচালনা সমিতি খন গঠন কৰা হৈছে ৷

Your Comments