বোকাখাতৰ "নব্য নাট্য কৰ্মী"ক শ্ৰেষ্ঠ নাট্য দল; হাজোৰ হালোগাঁৱত অনুষ্ঠিত ৰূপালীম নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

A

B

 

C

নিউজ ডেস্ক:

 তীৰ্থনগৰী হাজোৰ হালোগাঁৱত লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত আৰু হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত ৫ আৰু ৬ মাৰ্চত দুদিনীয়াকৈ  সদৌ অসম ভিত্তিত অনুষ্ঠিত শশাংক দাস সোঁৱৰণী তৃতীয় বাৰ্ষিক ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতাৰ ফলাফল যোৱা নিশা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে উদ্যোক্তা সমিতিয়ে।অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ৯ টা নাট্য দলে অংশগ্ৰহণ কৰা  একাংকিকা নাট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী দল হিচাপে বোকাখাতৰ "নব্য নাট্যকৰ্মী" দল নিৰ্বাচিত হৈছে। তেওঁলোকে মঞ্চস্হ কৰা  নাট আছিল "বনচাই"।নগাঁৱৰ "জ্যোতি শিল্প " নাট্য দল দ্বিতীয় ।তেওঁলোকৰ নাট "ত্ৰাহি দেৱদামোদৰ"।আকৌ "সংলাপ"নাটখনৰ বাবে তৃতীয় শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছে অসম নাট্য সন্মিলন ,কলিয়াবৰৰ নাট্য দলটি। মংগলদৈৰ জেংৰাই নাট্য দলৰ" ডিগ্ নিটি অৱ লেবাৰ" য়ে শ্ৰেষ্ঠ পাণ্ডুলিপি ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে বোকাখাতৰ ৰাতুল ফুকনে।শ্ৰেষ্ঠ অভিনেতা কিশোৰ পাঠক (অসম নাট্য সন্মিলন,কলিয়াবৰ),শ্ৰেষ্ঠ অভিনেত্ৰী নিমামণি কলিতা (জেংৰাই,মংগলদৈ)।শ্ৰেষ্ঠ সহ অভিনেত্ৰী শিল্পীকা গোস্বামী(জোনাকী, জ্যোতি শিল্প, নগাঁও),শ্ৰেষ্ঠ সহ অভিনেতা দিগন্ত ভৰালী(প্ৰজন্ম,নলবাৰী) আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মনিকা তাঁতী(নব্য নাট্য কৰ্মী দল ,বোকাখাত)।অন্যহাতে বিচাৰকৰ বিশেষ বটা লাভ কৰিবলৈ সক্ষম হৈছে বৰ্ণালী দেৱী(অসম নাট্য সন্মিলন, কলিয়াবৰ)।শ্ৰেষ্ঠ মঞ্চ সজ্জা "প্ৰজন্ম(নলবাৰী),শ্ৰেষ্ঠ আলোক সজ্জা "বনচাই"(বোকাখাত)। একাংকিকা নাট প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল মন্মথ বৰুৱা,অসীম কুমাৰ শৰ্মা আৰু হিল্লোল পাঠক।একাংকিকা নাট প্ৰতিযোগিতা সমাপ্ত হোৱাৰ পিছতে হালোগাওঁ সেৱক সংঘ আৰু পুথিভঁৰালৰ সভাপতি নাৰায়ণ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে  ক্ৰমে-  গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা,বিশিষ্ট অভিনেত্ৰী তথা অসম প্ৰদেশ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, অসম চলচিত্ৰ নিগমৰ অধ্যক্ষ বিদ্যাসাগৰ,বিশিষ্ট অভিনেতা ভগৱত প্ৰিতম,সীমান্ত শেখৰ,পদ্মনাভ গোস্বামী,অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, ডঃ অচ্যুত বৈশ্য,লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ সভাপতি দিপাংক দাস কলিতা, বিশিষ্ট লেখক তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰমুখ শংকৰ দাস,সমাজ সেৱক বিপুল দাস,অসম পৰ্যটন নিগমৰ প্ৰাক্তন উপাধ্যক্ষ নৱদীপ কলিতা, বিশিষ্ট সমাজকৰ্মী যোগেশ কলিতা,নিৰোদ চৌধুৰীকে আদি কৰি ভালেসংখ্যক বিশিষ্ট লোক।একাংকিকা নাট প্ৰতিযোগিতাৰ পুৰস্কাৰ আছিল ক্ৰমে প্ৰথম পুৰস্কাৰ নগদ ২০ হেজাৰ, দ্বিতীয় পুৰস্কাৰ নগদ ১৫ হেজাৰ আৰু তৃতীয় পুৰস্কাৰ নগদ ১০ হেজাৰ টকা।

Your Comments