অসমৰ শিক্ষিত নিবনুৱা সকলৰ কাৰণে আজমল ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ গ্ৰহণ

A

B

নিউজ ডেস্ক:

হোজাইৰ আজমল ফাউণ্ডেচনে স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি IAS, IPS, ACS, APS ইত্যাদিৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু কৰি তুলিবলৈ অসমৰ বিভিন্ন জিলাত শিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে সজাগতা সভাৰ আয়োজন কৰিছে ৷

বিভিন্ন চৰকাৰী-বেচৰকাৰী খণ্ডত চাকৰি লাভ কৰিব পৰাৰ উপযোগী কৰি তোলাৰ কাৰণে আজমল বয়েজ কলেজ আৰু নীলবাগানৰ হাজী আজমল আলী কলেজত এদিনীয়া কাৰ্যসূচীৰে সজাগতা সভাৰ আয়োজন কৰিছে ৷

 এই সন্দৰ্ভত আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খছৰুল ইছলামে কয়- ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ প্ৰচেষ্ঠাত প্ৰশাসনিক সেৱাকে ধৰি  কেতবোৰ বিষয়ত ছাত্ৰ-ছাত্ৰী, নিবনুৱা যুৱক-যুৱতীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ 
যাৰ নাম হৈছে - "AJMAL JOB AWARENESS CUM CAREER COUNSELLING CAMPAIGN" , য’ত সম্পূৰ্ণ বিনামূলীয়াকৈ কৰ্মশালাৰ আয়োজন কৰা হৈছে । 
অনলাইন অথবা অফলাইন যোগে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ দ্বাৰা সজাগতামূলক অনুষ্ঠানৰ জৰিয়তে নিৱনুৱাসকলক দিহা-পৰামৰ্শ আগৱঢ়োৱা হ'ব বুলি আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামে মন্তব্য কৰে। 

Your Comments