শৈক্ষিক সমস্যা সম্পৰ্কে শিক্ষামন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

A

B

নিউজ ডেস্ক:
 জন্মলগ্নৰে পৰা ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ  দেশ তথা ছাত্ৰ সমাজৰ হিতাৰ্থে কাম কৰি অহা ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে  সময়ে-সময়ে হোৱা শৈক্ষিক সমস্যাসমূহ সমাধান কৰাৰ বাবে মাত মাতি আহিছে আৰু ছাত্ৰ সমাজৰ লগত থিয় দি ছাত্ৰ সমাজৰ  হিতৰ কাৰণে কাম কৰি আহিছে । 
 গুৰুত্বপূৰ্ণ কথা এই যে ,  'সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু ক্ষেত্ৰত অসমৰ শৈক্ষিক ব্যৱস্থাৰ সংস্কাৰ তথা সংযোজনৰ প্ৰয়োজনীয়তাৰ অৰ্থে  আজি  অৰ্থাৎ  মঙলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা এটা সঁজাতী দলে ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যৰ নেতৃত্বত  শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ হাতত ২৭ সংখ্যক ৰাজ্যিক অধিৱেশনত অনুমোদিত হোৱা অসমৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক বিষয়ৰ ওপৰত যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তাৰ পৰিপ্ৰেক্ষিতত এক স্মাৰক পত্ৰ প্ৰদান কৰে ; লগতে  গুৱাহাটী বিশ্ববিদ্যালয়কে কেন্দ্ৰ কৰি পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হোৱা আসোঁৱাহ্ সমূহ অনতিপলমে দূৰ কৰাৰ বাবেও দাবী জনায়'। 
"স্মাৰকপত্ৰত প্ৰধানতঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতকেন্দ্ৰিক, বৌদ্ধিক তথা ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ্থে স্বাৱলম্বী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । ৰাজ্যৰ সকলো আগশাৰীৰ বিশ্ববিদ্যালয় সমূহত বিশিষ্ট ভাষাবিদ, সাহিত্যিক, শিল্পীসকলৰ সোঁৱৰণত একোটাকৈ গৱেষণা কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলিও অৱগত কৰে। তদুপৰি ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ পৰ্যাপ্ত পৰিমাণৰ 'চেনিটেৰি ভেনদিং মেচিন'ৰ লগতে 'ডেচট্ৰয়' মেচিনৰ ব্যৱস্থা কৰিব লাগে বুলিও স্মাৰকপত্ৰখনত উল্লেখ কৰা হয়" ৷

Your Comments