নিমাতি-মাজুলীৰ ভয়ংকৰ ফেৰী দুর্ঘটনাত নিহত পৰিণীতা-ইন্দ্ৰেশ্বৰৰ আত্মীয়ক চৰকাৰী নিযুক্তি প্ৰদান

A

 

B

নিউজ ডেস্ক:

নিমাতিঘাট-মাজুলীৰ ভয়ংকৰ ফেৰী দুর্ঘটনাত নিহত আত্মীয়ক ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱনত আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে প্ৰয়াত পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসক আৰু প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক।উল্লেখ্য যে দুৰ্ঘটনাত নিহত পৰিমিতা দাস মাজুলী ৰঙা চাহী মহাবিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তাৰ বিপৰীতে ইন্দ্ৰেশ্বৰ বৰা ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল ।পৰিমিতাৰ ভগ্নীক ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদ চমুকৈ SCERTৰ প্ৰৱক্তা নিযুক্তিৰ বিপৰীতে ইন্দ্ৰেশ্বৰৰ পত্নীক লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি প্ৰদান কৰে।

আনহাতে, প্ৰয়াত প্ৰৱক্তা পৰিমিতাৰ ভগ্নী মধুমিতাই নিযুক্তি পত্ৰ গ্ৰহণ কৰি আৱেগিক হৈ পৰে।আমি যি হেৰুৱালো তাক কেতিয়াও নাপাওঁ বুলি লগতে কয়।

ইফালে ইন্দ্ৰেশ্বৰৰ পত্নী ৰূপৰেখাই নিযুক্তি পত্ৰ গ্ৰহণ কৰি অসম চৰকাৰ, কৃতজ্ঞতা  জনায়।"দুখ বহুতে পালো আজিৰে পৰা এটা নতুন জীৱনৰ সংকল্প লৈছোঁ।যি কেইজনক হেৰুৱালো তেওঁলোকৰ বলিদানৰ বিনিময়ত মাজুলী দলংখন হৈ উঠক "বুলি তেওঁ লগতে কয়।উল্লেখ্য যে যোৱা বৰ্ষৰ ৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল ভয়ংকৰ ফেৰী দুর্ঘটনাটো। 

আনহাতে উক্ত ফেৰীৰ দুর্ঘটনাত নিহত তৃতীয় গৰাকী ডাঃ বিক্ৰম বৰুৱাৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে মৃতকৰ অৱসৰ লৈকে দৰমহা প্ৰদান কৰিব।প্ৰয়োজনত আৰ্থিক সহায়ৰ হাত পৰিয়াললৈ আগবঢ়োৱা হ'ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।জনতা ভৱনত নিযুক্তি পত্ৰ প্ৰদানত শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্ত, বিধায়ক জয়ন্ত বৰুৱা উপস্থিত থাকে।

Your Comments