যান-বাহন আৰক্ষীৰ কষ্ট-ত্যাগ সামৰি আৰক্ষী বিষয়া দীপক শইকীয়াৰ 'ট্ৰেফিক পুলিচ' শীৰ্ষক গীত মুকলি

A

নিউজ ডেস্ক:

নাগৰিকক যান-বাহন আইন মানি চলাৰ আহ্বানেৰে এগৰাকী আৰক্ষী বিষয়াৰ সজাগতামূলক গীত মুকলি ।গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে বৃহস্পতিবাৰে মুকলি কৰে সজাগতামূলক বিশেষ গীতটো।
আয়ুক্ত কাৰ্যালয়ত মুকলি কৰা গীতটো প্ৰস্তুত কৰি উলিয়াইছে কামৰূপ(ম) যান-বাহন শাখাৰ আৰক্ষী বিষয়া দীপক শইকীয়াই।শইকীয়াই নিজৰ কথা, সুৰ আৰু সংগীতেৰে প্ৰস্তুত কৰি উলিওৱা গীতটোৰ শুভ উন্মোচনীত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত প্ৰমুখ্যে শীর্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে , যান-বাহন আৰক্ষীৰ কষ্ট- ত্যাগৰ লগতে যান-বাহন আইন ভংগ কৰিলে কেনেধৰণৰ বিপদ হ'ব পাৰে তাৰ বিষয়ে দৃশ্য-শ্ৰৱ্যৰ জৰিয়তে উপস্থাপন কৰা হৈছে।

Your Comments