গহপুৰৰ দক্ষিন অঞ্চলৰ কেইবাখনো গাওঁ বৰ্তমান বান পানীৰ কবলত । ঘৰৰ ভিতৰত এবুকু পয্যন্ত পানী । পশুধনৰ লগতে মানুহে পাৰ কৰিবলগীয়া হৈছে দুৰ্বিসহ জীৱন । তলতলী, বৰতামুলী, সৰুতামুলি, গোপাল জাৰনিকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজ এতিয়া চিন্তিত ।
ভাদৰ বলীয়া বানত সকলো হেৰুৱাৰ উপক্ৰম হৈছে । বন্ধ হৈ পৰিছে বিদ্যালয়ৰ পাঠদান । শ শ বিঘা খেতিৰ ভূমিত লহপহকৈ বাঢ়ি অহা ধান শস্য এতিয়া পানীৰ তলত । এক অসহায় অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে তাৰে ৰাইজসকল ।
- Log in to post comments
- 10 views