সৰ্থেবাৰী আৰক্ষীৰ জালত কিশোৰী সৰবৰাহকাৰী

েে

প্ৰেমৰ জালত পেলাই অপহৰণ কৰা হয় কিশোৰী । অতি কৌশলেৰে অপহৰণ কৰি বহিঃ ৰাজ্যত বিক্ৰী কৰা হয় অসমৰ কিশোৰীক । আমছু নেতাও জড়িত হ'ল নাৰী সৰবৰাহকাৰী কাৰ্যত । বৰপেটা জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাৰ তৎপৰতাত সৰ্থেবাৰী আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে অপহৃত কিশোৰী ।

যোৱা ১৩ জুলাইত সৰ্থেবাৰীৰ কুকাৰপাৰৰ পৰা অপহৰণ কৰা হৈছিল এগৰাকী কিশোৰীগৰাকীক । অপহৰণকাৰীয়ে ৯০ হাজাৰ টকাত বিক্ৰী কৰিছিল কিশোৰীগৰাকীক । হাৰিয়ানাত গৰু-ছাগলী দৰে বিক্ৰী হয় অসমৰ কিশোৰী । কিশোৰী হ'লে বেছি পায় দাম । এই ভয়ঙ্কৰ কাৰ্যত জড়িত হৈ পৰিল এগৰাকী আমছু নেতা । বৰপেটাৰ আমছুৰ জকলিবিল আঞ্চলিক সমিতিৰ সভাপতি মহৰ আলীৰ ঘৰতে নিশা ৰখা হৈছিল অপহৃত কিশোৰী গৰাকীক ।

ইয়াৰ পৰাই প্ৰেৰণ কৰা হৈছিল হাৰিয়ানালৈ । আৰক্ষীৰ তৎপৰতাত হাৰিয়ানাৰ ভিয়ানা জিলাৰ পাটাডি গাঁৱৰ ৰামপাল সিঙৰ ঘৰৰ পৰা কিশোৰীগৰাকী উদ্ধাৰ কৰাৰ লগতে কিশোৰী ক্ৰেতা ৰামপাল সিঙৰ লগতে নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত নুৰ মহম্মদ আৰু আমছু নেতা মহৰ আলীক গ্ৰেপ্তাৰ কৰিছে । এইগৰাকী আমছু নেতা মহৰ আলী আৰু ৰামপাল সিঙক ইতিমধ্যে জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে । নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাতৰ বাবে সষ্টম হৈছে হৈ পৰিছে  বৰপেটা আৰক্ষী ।

Your Comments