আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ, অসম ৰাজ্যিক সমিতিৰ বৃক্ষ ৰোপণ

A

নিউজ ডেস্ক:
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদ, অসম ৰাজ্যিক সমিতিয়ে পাইকানা মধ্য ইংৰাজী বিদ্যালয়ত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে। বৃক্ষ ৰোপন কাৰ্যসূচীত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কৰণ কুমাৰ ভুঞাই গছ ৰোপনৰ প্ৰাসংগিকতা আৰু প্ৰাকৃতিক ভাৰসাম্যতাৰ বাবে গছৰ প্ৰয়োজনীয়তা সম্বন্ধে বিস্তৃত বক্তব্য আগবঢ়ায়। পাইকানা অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী নগেন্দ্ৰ নাথ ডেকা, উমেশ ডেকা, পাইকানা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক পৱিত্ৰ ডেকা, শিক্ষয়িত্ৰী ডালিমী কলিতা, অনিতা ডেকাই বৃক্ষ ৰোপন কৰি অনুষ্ঠানটোৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰে আৰু ভৱিষ্যতেও এনে পদক্ষেপৰ আশা কৰে।
বৃক্ষ ৰোপন কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি জ্যোতিৰ্ময় কলিতা আৰু সাধাৰণ সম্পাদক ভৱেশ বৈশ্য ও উপস্থিত থাকে।

Your Comments