বিজেপি বিধায়ক হিচাপে শপত লৈ সুশান্ত বৰগোঁহায়ে কি কলে, পঢ়ক

A

নিউজ ডেস্ক:

উপ-নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা জয়ী হৈ বিজেপি বিধায়ক হিচাপে বৃহস্পতিবাৰে শপত ললে সুশান্ত বৰগোঁহায়ে।অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পাঠ কৰায় শপত বাক্য।

'বিধায়ক হিচাপে নিৰ্বাচিত হৈ লাভ কৰা আনন্দ যোৱাবাৰৰ তুলনাত এইবাৰ অলপ সুকীয়া।যোৱাবাৰ জয়ী হৈ অহা ইচ্ছা আছিল কিন্তু এইবাৰ ৰাইজ লগত আছিল সেইবাবে জয়ী হোৱাত অসুবিধা নাছিল'- শপত গ্ৰহণ কৰি বৰগোঁহায়ে কয়।
যোৱাবাৰ সোঁতৰ বিপৰীতে সাঁতুৰি যেনে তেনে পাৰ হৈছিলো।এইবাৰ সোঁতত সাঁতুৰিছো গতিকে সুবিধা হৈছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নৱপ্ৰজন্মৰ যথেষ্ট আস্থা আৰু বিশ্বাস থকা বুলি তেওঁ কয়।

আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰসংগক কটাক্ষ কৰি তেওঁ কয়- ৰাইজে আন্দোলনৰ বিপক্ষে উন্নয়নৰ সপক্ষে ভোট দিছে।বিধায়ক উন্নয়ন পুঁজিৰে সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰি।আঁচনিৰে ঢুকি নোপোৱা অনুষ্ঠানৰ বাবে বিধায়ক উন্নয়ন পুঁজি দিয়া হয়।
বিৰোধীত থাকিলে গতানুগতিক উন্নয়ন হ'ব কিন্তু অগতানুগতিক উন্নয়নৰ বাবেহে বিজেপি দলত যোগদান কৰিছোঁ- বৰগোঁহায়ে লগতে কয়।

আনহাতে, কংগ্ৰেছ দলে তৃণমূল কর্মীৰ কথা শুনিব লাগিব দলটোৰ প্ৰতি মোৰো বেয়া লাগে।কিন্তু সমষ্টিবাসীৰ কথা চিন্তা কৰিব লাগিব লগতে তেওঁ কয়।

Your Comments