"য’ত পৰিস্কাৰ তাতেই সংস্কাৰ"- ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰৱৰ্তন কৰা ক্লীন এণ্ড গ্ৰীন ভিলেজ শীৰ্ষক আঁচনিৰ অধীনত প্ৰতিখন জিলাতে একোখনকৈ গাঁৱক আদৰ্শ গাঁও হিচাপে পৰিস্কাৰ-পৰিচন্ন আৰু সেউজ কৰি তোলাৰ পৰিকল্পনাক বাস্তৱায়িত কৰি তোলাৰ লক্ষ্যৰে দেওবাৰে নগাঁৱৰ কাকমাৰী গাঁৱত এক সজাগতা সভা অনুষ্ঠিত হয় ৷
নগাঁও জিলা পানী আৰু অনাময় সমিতিৰ ব্যৱস্থাপনাত আয়োজিত সভাখনিত নগাঁৱৰ উপায়ুক্ত বিশ্বজিত পেগু, জিলা জনস্বাস্থ্য কাৰিকৰী শীৰ্ষ বিষয়া-কৰ্মচাৰী, মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ 'জনতাৰ চৰকাৰ'ৰ বিষয়াৰ উপস্থিতিত গঁঞা ৰাইজক পৰিস্কাৰ-পৰিচ্ছন্নতা, আৱাসিক আৰু ৰাজহুৱা এলেকা তথা আলি-পদুলি স্বচ্ছতা, প্ৰদুষণমুক্ত জলবায়ুৰ বাবে বনানীকৰণ, সেউজ বিপ্লৱ সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰা হয় ।
নিজৰ পৰিৱেশটোৰ প্ৰতি সকলো ৰাইজৰ দায়বদ্ধতা থাকিব লাগিব, কেৱল গাঁওখন সেউজীয়া কৰি পুৰস্কাৰ বুটলাৰ বাবে নহয়, ভবিষ্যতৰ পৰিৱেশৰ বাতাবৰনৰ বাবে গছপুলি ৰোপণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ।
শতাধিক ৰাইজ উপষ্ঠিত থকা সভাখনিত গঁঞা ৰাইজে বিভিন্ন অভাৱ-অভিযোগ দাখিল কৰে নগাঁও জিলা উপয়ুক্তক । উপায়ুক্তই সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে কাকমাৰীবাসীক । সভাৰ শেষত কাকমাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত বৃক্ষৰোপণ কাৰ্যসূচীৰে অনুষ্ঠানৰ সমাপ্তি হয় ।
- Log in to post comments
- 20 views