নিউজ ডেস্ক:
বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৫,৯৮১ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে । শনিবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছে ।
বৰ্তমান দেশত ২,০১,৬৩২ গৰাকী সক্ৰিয় ৰোগী আছে । আনহাতে, এতিয়ালৈকে প্ৰায় ৩,৩৩,৯৯,৯৬১ জন লোক আৰোগ্য হৈ উঠিছে ।
যোৱা ২৪ ঘণ্টাত প্ৰতিষেধকৰ ৮,৩৬,১১৮ টা পালি প্ৰদান কৰা হৈছে । শনিবাৰে পুৱা ৭ বজা পৰ্যন্ত ভাৰতত ৯৭,২৩,৭৭,০৪৫ গৰাকীৰো অধিক লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
- Log in to post comments
- 25 views