ফেচবুক পেজ আৰু ৱেব প’র্টেল সন্দর্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ,পঢ়ি চাওক

A


নিউজ ডেস্ক :
ফেচ্বুক পেজ আৰু ৱেব পর্টেল সন্দৰ্ভত অতি  শীঘ্রেই বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি এক ইংগিত প্ৰদান কৰিছে  মন্ত্রী পীযুষ হাজৰিকাই৷ উল্লেখ্য যে সদৌ অসম সাংবাদিক সন্থাৰ এটা সঁজাতী দলে মঙলবাৰে বিভাগীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই ইংগিত  প্ৰদান কৰি কয় যে অসমৰ সাংবাদিকৰ কল্যাণৰ হকে পদক্ষেপ গ্রহণ কৰা হ’ব ৷ অসমত এতিয়াও বহু সৎ সাংবাদিক থকাৰ কথা উল্লেখ কৰি একাংশ সাংবাদিকৰ কিছু কর্ম–কাণ্ডই সাংবাদিকসকলক অস্বস্তিত পেলাইছে বুলিও মন্তব্য প্ৰকাশ  কৰে মন্ত্রীগৰাকীয়ে৷ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বিবৃতি অনুসৰি, অসমৰ সাংবাদিকসকলৰ জীৱন– জীৱিকাৰ নিশ্চিত নিৰাপত্তা সন্দর্ভত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাৰ লগত আলোচনা কৰাৰ লগতে সাংবাদিকৰ পেন্সন, বিশেষ সাহায্য আৰু ‘এক্রিডিটেচন কার্ড’ সম্পর্কতো আলোচনা কৰা হয়৷ সাংবাদিকৰ আর্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মন্ত্রীসভাত বিশেষভাৱে আলোচনা কৰিবলৈও মন্ত্রী হাজৰিকাক আহ্বান জনায় সাংবাদিক সংগঠনটোৱে৷

Your Comments