আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে পৰিচালক গজেন পাংগিঙৰ ৭খনকৈ চুটি ছবি

A

নিউজ ডেস্ক:

কাল-ক'ৰনাৰ দুৰ্দিনৰ সময়ত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰ বাবে ভাল খবৰ।ক'ৰনাই স্থবিৰ কৰা সাংস্কৃতিক ক্ষেত্ৰত নিজৰ সৃষ্টিৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিবলৈ সক্ষম হৈছে শিল্পী,পৰিচালক গজেন পাংগিং।ক'ৰনাই স্থবিৰ কৰি তোলা দুটা বছৰত ৭খনকৈ চুটি ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মহোৎসৱত বঁটা পাবলৈ সক্ষম হৈছে অনাতাৰ শিল্পী গৰাকীয়ে।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত  সংবাদমেল সম্বোধন কৰি কয়-' অসমত ছবি নিৰ্মাণৰ বহুতো সম্বল আছে।তাক আমি বিচাৰি উলিয়াব জানিলেই হ’ল'।

উল্লেখ্য যে মিচিং জনগোষ্ঠীৰ পৰিচালক পাংগিঙে ২০২০-২১ বৰ্ষত নিৰ্মান কৰা ৭খন চুটিছবিৰ ভিতৰত ৬খন মিচিঙৰ বিপৰীতে এখন অসমীয়াৰ।অসমীয়া ভাষাৰ চুটিছবিখনৰ নাম হৈছে নিয়তি।

উল্লেখ্য যে সংবাদমেলত পাংগিঙক শুভেচ্ছা জনাই উপস্থিত থাকে শিল্পী মহেন্দ্ৰ হাজৰিকা, অভিনেতা নয়ন নিৰ্বাণ।অনুষ্ঠানটোৰ আঁতধৰে অৰিন্দম প্ৰিন্স পাংগিঙে ৷

Your Comments