ছেলফী তোলা বন্ধ ! তালিবানৰ শিশুসুলভ কাণ্ডকাৰখানা দেখি ক্ষুব্ধ হৈছে নেতৃত্ব

A

নিউজ ডেস্ক:

যোৱা ১৫ আগষ্টত কাবুল দখল কৰাৰ পিছতেই ৰাজধানী চহৰত অদ্ভুদ কাণ্ড কাৰখানা আৰম্ভ কৰিছে তালিবানী যোদ্ধাই । কেতিয়াবা যদি চহৰৰ জিমত সোমাই কচৰৎ কৰিচে কেতিয়াবা আকৌ শিশুৰ পাৰ্কত সোমাই খেলা ধূলা কৰিছে ৷ কেতিয়াবা আকৌ তালিবান নেতাসকলৰ সৈতে সাক্ষাৎ হলে চেলফি তোলাও দেখা গৈছে তালিবানী যোদ্ধাসকলক । উল্লেখ্য যে তালিবানী যোদ্ধাৰ এই ধৰণৰ 'শিশুসুলভ’ আচৰণত ক্ষুব্ধ হৈ পৰিছে তালিবান নেতৃত্ব। সাধাৰণ যোদ্ধাসকলৰ উদ্দেশ্যে তালিবানী নেতৃত্বই স্পষ্ট নির্দেশ জাৰি কৰি কয় যে ‘‘ভদ্র সভ্য হৈ উঠা । ইচলামী ৰীতি-নীতি মানি নিজৰ আচৰণত পৰিবর্তন আনা । আৰু য’তে ত’তে চেলফি তোলা বন্ধ কৰা । এইবোৰে বিপদ বঢ়াইছে ।’’

উল্লেখযোগ্য যে আফগানিস্তানৰ এক স্থানীয় সংবাদমাধ্যমত কিছুদিন পূৰ্বে  প্রকাশ কৰা ছবি আৰু ভিডিফ’ত স্পষ্ট ৰূপে দেখা গৈছিল যে কিদৰে চিৰিয়াখানা, পাৰ্ক আদিত মচগুল হৈ পৰিছে তালিবানী যোদ্ধাসকল । আন কিছুমানে আকৌ দাড়ি কাটি পেললাইছে , কাৰোবাৰ চকুত চানগ্লাচ, কিছুমানে আকৌ ৰংবিৰঙৰ পোচাক পৰিধান কৰাও দেখা গৈছিল ।

Your Comments