বিএচ ছি পাছ কয়দীয়ে জেইলৰ ভিতৰতে প্ৰদান কৰিছে শিক্ষা , ক’ত পঢ়ি চাওক

A

 

নিউজ ডেস্ক: 
আজি পবিত্ৰ শিক্ষক দিৱস। সমগ্ৰ দেশ জুৰি শিক্ষক সকলৰ সন্মানাৰ্থে উদযাপন কৰি অহা এই দিৱসৰ আয়োজন চলি থকাৰ সময়তে পোহৰলৈ আহিছে এক অত্যন্ত সু -খবৰ।
উত্তৰ প্ৰদেশৰ ফাটেহপুৰ জিলাৰ কাৰাগাৰত কাৰাবাস খাটি থকা কেইবাজনো শিক্ষিত কয়দীয়ে  একেখন কাৰাগাৰৰে অশিক্ষিত বহু কয়দীক শিক্ষা প্ৰদান কৰিব আৰম্ভ কৰিছে ৷কাৰাগাৰৰ নাম শুনিলেই সাধাৰণতে সকলোৰে চকুত কেৱল অপৰাধীৰ ছবিহে ভাঁহি উঠে যদিও এই ক্ষেত্ৰত ব্যতিক্ৰম হিচাপে থিয় দিছে ফাটেহপুৰ কাৰাগাৰ।  কাৰাগাৰ খনত থকা ৩২৫ গৰাকী বিচাৰাধীন নিৰক্ষৰ কয়দীক শিক্ষা দিবৰ বাবে একেখন কাৰাগাৰৰে ১৫ গৰাকী শিক্ষিত কয়দীক  শিক্ষক হিচাপে নিযুক্তি দিছে কাৰাগাৰ কৰ্তৃপক্ষই৷ কয়দী শিক্ষকসকলক প্ৰতিদিনে ২৫ টকাকৈ মাননী দিয়াৰো ব্যৱস্থা কৰা হৈছে ৷জেইল অধীক্ষক মহম্মদ আক্ৰাম খানে সংবাদ মাধ্যমৰ আগত কয় যে জেইলখনত ১৭১৬ জন পুৰুষ, ৭০ গৰাকী মহিলা,১১জন শিশু কয়দী আছে ৷ইয়াৰে সৰ্বমুঠ ৩২৫ গৰাকী নিৰক্ষৰ কয়দীক শিক্ষিত কৰি তুলিবৰ বাবে ১৫ গৰাকী শিক্ষিত কয়দীক  শিক্ষক হিচাপে নিযুক্তি দিয়া বুলি তেওঁ সংবাদ মাধ্যমক জানিব দিছে৷
গুৰুত্বপূৰ্ণ কথা এই যে যোৱা তিনি মাহৰ পৰা জেইলত শিক্ষা প্ৰদান কাৰ্য চলি আছে ৷খুব কম সময়ৰ  ভিতৰতে কয়দীসকলে বাতৰিকাকত , হনুমান চালিচা ,গীতা , ৰামায়ণ আৰু কোৰাণ পাঠ কৰিব পৰা হৈছে ৷ কাৰাধীক্ষক গৰাকীয়ে লগতে কয় যে " শিক্ষাৰ অভাৱতে মানুহ অপৰাধীলৈ পৰিগণিত হয়  ৷সেয়ে আমি জেইলৰ পৰা মুক্ত হ’বলগীয়া কয়দীসকলক শিক্ষাপ্ৰদানৰ ব্যৱস্থা কৰিছো যাতে এই সকল লোকে সমাজলৈ পৰিৱৰ্তন আনিব পাৰে" ৷B

Your Comments