কেন্দ্ৰই ২০২২ৰ আগষ্ট মাহত উৎপাদনক্ষম কৰিব NHPC- অজিত কুমাৰ ভূঞা

A

নিউজ ডেস্ক:

অসমবাসী দল-সংগঠন, বুদ্ধিজীৱীৰ প্ৰৱল বিৰোধিতাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ সাজু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন আৰম্ভ কৰিবলৈ।২০২২চনৰ আগষ্ট মাহত ২৫০মেগাৱাট ক্ষমতা সম্পন্ন প্ৰথম দুটা গোট মুকলিৰ বিপৰীতে বাকী ৬ টা গোট ২০২৩ চনৰ আগষ্ট মাহত উৎপাদনক্ষম হ’ব বুলি বিস্ফোৰক তথ্য দাঙি ধৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই।।কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ.কে সিঙক NHPC ৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত এই তথ্য সদনক জানিবলৈ দিয়া বুলি সাংসদ গৰাকীয়ে কয়।শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাব সংবাদমেলত ৰাজ্যসভাৰ সাংসদ ভূঞাই ক্ষোভত কয়- অসমৰ ৰাইজে উত্থাপন কৰি অহা যুক্তি, দাবী নস্যাত কৰি মোডী চৰকাৰে বণিয়া-কৰ্পৰেটৰ স্বাৰ্থত একপক্ষভাৱে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে।

সোৱণশিৰি বান্ধৰ ভয়াৱহতা দিল্লীৰ বাদেই গুৱাহাটীত বহি মোডীৰ জয় গান গাই থকা হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতায়ো উপলব্ধি কৰিব পৰা নাই।ৰাজ্য-কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দি তেওঁ কয়- বৃহৎ নদীবান্ধত হ’ব পৰা যিকোনো ক্ষয়- ক্ষতিৰ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰিব লাগিব।ইয়াৰ উপৰিও জলবোমা সদৃশ প্ৰকল্পতো উৎপাদনক্ষম কৰাৰ পূৰ্বে নিৰপেক্ষ বিশেষজ্ঞ কমিটিৰ দ্বাৰা অসমবাসী আৰু বিশেষজ্ঞসকলে দাঙি ধৰা আপত্তিজনক বিষয়বোৰৰ বিস্তৃত পৰীক্ষণ তথা অধ্যয়ন কৰাৰ দাবী জনায়।

 উল্লেখ্য যে শেহতীয়া ভাৱে নামনি সোৱণশিৰি নিৰ্মিয়মান বান্ধটোৰ ওপৰেৰে পানী বোৱাৰ  লগতে ক্ষতি হৈছে।

Your Comments