বৃহৎ নদীবান্ধৰ বিৰুদ্ধে AJYCPৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা

A

নিউজ ডেস্ক :

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন ঘোষণা।গুৱাহাটী মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক পলাশ চাংমাই ঘোষণা কৰে সংগঠনটোৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী।ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, মাজুলী জিলাত নদীবান্ধ বন্ধৰ দাবীত ৩ ছেপ্টেম্বৰত ৰূপায়ণ কৰিব গণ অৱস্থান কাৰ্যসূচী।
৬ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী। 

আনহাতে, ৭ আৰু ৮ ছেপ্টেম্বৰত ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ চাৰিআলি জিলা ৰাইজৰ মতামত আৰু গণ স্বাক্ষৰ কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে।

বুদ্ধিজীৱি, সাংবাদিক, লেখক তথা বিভিন্ন নদীবান্ধ বিৰোধী নেতাৰ উপস্থিতিত ১১ছেপ্টেম্বৰত গুৱাহাটীত আয়োজন কৰিব ৰাইজ মেল।উক্ত ৰাইজ মেলৰ অনুমতিত ১৬ ছেপ্টেম্বৰ পৰাৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সৰ্বাত্মক বন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি চাংমাই কয়।

উল্লেখ্যে যে শেহতীয়াকৈ নদীবান্ধটো মাটি খহি বিপদ সংকুল অৱস্থালৈ গতি কৰিছে।সেই সন্দৰ্ভত ক্ষুন্ন হৈ সংগঠনটোৱে কয়-কোনো কাৰণত নিৰাপদ নহয় নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধ।বৃহৎ নদীবান্ধ বন্ধৰ দাবীৰে আন্দোলন কৰি যিসকল মন্ত্ৰী-বিধায়ক হ'ল সেইসকলক নদীবান্ধৰ বিৰুদ্ধে মাত মতা লগতে দল-সংগঠনক ঐক্যবদ্ধ হোৱাৰো আহ্বান জনায় সংগঠনটোৱে।

Your Comments