৩১জুলাইত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কিদৰে চাব পাৰিব, পঢ়ি জানি লওক

Result

সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই ক’ভিড পৰিৱেশৰ মাজতে ৩১জুলাইত ঘোষণা হ'ব ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী চাৰিটা শাখাৰে ফলাফল পুৱা ৯বজাত ঘোষণা কৰিব মাধ্যমিক শিক্ষা সংসদে।

উল্লেখ্য মুঠ ২ লাখ ৪৯ হাজাৰ ৮১২জন পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব এই পৰীক্ষাত। বিজ্ঞান শাখাত ৩৮ হাজাৰ ৪৩০জন, কলা শাখাত ১লাখ ৯১হাজাৰ ৮৫৫জন, বাণিজ্য শাখাত ১৮ হাজাৰ ৪৪৩জন আৰু কাৰিকৰী শাখাত ১০৮১জন পৰীক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰা হ’ব।

সংসদৰ অধীনত উচ্চতৰ মাধ্যমিকৰ মুঠ শৈক্ষিক প্ৰতিষ্ঠান আছে ১৪৯৮ খন।

আনহাতে ছাত্ৰ-ছাত্ৰীসকলে ফলাফল লাভ কৰিব কেইটামান ৱেবচাইটৰ জৰিয়তে। ফলাফল উপলব্ধ হ’ব লগা ৱেবচাইটসমূহ হৈছে- www.assamresult.in, www. NeCareer.com, www.ahsec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha, www.indiaResults.com, www.vidyavision.com।

পৰীক্ষাৰ কেন্দ্ৰসমূহলৈ ই-মেইল জৰিয়তে প্ৰেৰণ কৰা হ’ব ফলাফলৰ পিডিএফ।

Your Comments