বাংলাদেশৰ নাৰায়ণগঞ্জত ফুড প্ৰছেছিং কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড; জীৱন্তে দগ্ধ ৫৩, নিখোজ বহু

Bangladesh

বাংলাদেশৰ নাৰায়ণগঞ্জৰ কাৰখানাত বিধ্বংসী অগ্নিকাণ্ডত মৃতৰ সংখ্যা বৃদ্ধি পালে ৫৩জনলৈ। গুৰুতৰ ভাৱে আহত ৫০ জন। এতিয়াও নিখোজ হৈ আছে ১২ জন। শেষ খবৰ পোৱা পর্যন্ত ৫০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

বৃহস্পতিবাৰে গভীৰ ৰাতি নাৰায়ণগঞ্জৰ কর্ণগোপ এলেকাত হাছেম ফুড লিমিটেড নামৰ এটা কোম্পানীৰ ৬ তলা কাৰখানাত জুই লাগে। সেই জুইত আবদ্ধ হৈ পৰে বহু শ্রমিক। প্রাণ ৰক্ষাৰ বাবে বহুজনে ওপৰৰ মহলাৰপৰা তললৈ জপিয়াই দিয়ে। বহু শ্ৰমিক বাহিৰলৈ আহিব নোৱাৰি তাতেই জীৱন্তে দগ্ধ হয়। শুক্রবাৰে ৰাতিপুৱাৰ পৰাই উক্ত কাৰখানাত ভিৰ কৰিছে শ্রমিকসকলৰ আত্মীয়স্বজনে। 

Bangladesh

সম্পূৰ্ণ ২০ ঘণ্টা পাৰ হোৱাৰ পিছতো এতিয়াও দপদপকৈ জ্বলিছে জুই। অগ্নি নিৰ্বাপক বাহিনীৰ দাবী, অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ঘৰটোৰ তলৰ মহলাৰ পৰা। পিছত জুই ওপৰৰ দিশলৈ বিয়পি পৰে। জুইৰপৰা ৰক্ষা পাবলৈ বহুতে ছাঁদলৈ উঠি যায়। কাৰখানাৰ ছাঁদৰপৰা ২৫ জনক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। অর্থাৎ আন লোক সকলো ছাঁদলৈ উঠি আহিব পৰা হ’লে প্রাণ ৰক্ষা পৰিল হেতেন।

অগ্নি নিৰ্বাপক বাহিনীয়ে জনাইছে, কাৰখানাটোৰ ৪ তলাৰ পৰা ছাঁদলৈ উঠাৰ ছিৰি বন্ধ আছিল। লগতে তললৈ অহাৰ পথটো জুয়ে গ্রাস পৰি পেলাইছিল। ফলত চাৰিতলাত যিসকল আছিল তেওঁলোক ওপৰলৈও যাব নোৱাৰিলে। তললৈও নামিব নোৱাৰিলে। ফলত তাতেই জীৱন্তে জ্বলিল তেওঁলোক।

Your Comments