হাইটিৰ ৰাজধানী পোৰ্ট অ’ প্ৰিন্সত অৱস্থিত ৰাষ্ট্ৰপতি বাসভৱনত সংঘটিত হোৱা এক ভয়ংকৰ আক্ৰমনত নিহত হৈছে হাইটিৰ ৰাষ্ট্ৰপতি জোভেনেল মোইছে। লগতে আক্ৰমনত আহত হৈছে ৰাষ্ট্ৰপতিৰ পত্নী মাৰ্টিনা মোইছে। ইয়াৰোপৰি পোৰ্ট অ’ প্ৰিন্স চহৰৰ বিভিন্ন স্থানত গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাৰ খবৰো পোহৰলৈ আহিছে।
হাইটিৰ অন্তৰ্ৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ক্লড যোছেফে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা অনুসৰি অস্ত্ৰধাৰী লোকৰ দল এটাই ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি এই আক্ৰমণ কাৰ্য সংঘটিত কৰে। হাইটিৰ প্ৰশাসনে এই বিষয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে নিহত ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে বহু কেইটা দুৰ্নীতিৰ অভিযোগ আছিল আৰু তেওঁৰ বিৰুদ্ধে দেশৰ নাগৰিকে প্ৰতিবাদো সাব্যস্ত কৰি আহিছিল।
- Log in to post comments
- 10 views