ভয়াবহ দুৰ্ঘটনা! ৯২ জন লোকৰ সৈতে ভাঙি পৰিল সেনাবিমান, মৃত ১৭

ফিলিপাইনছ

দেওবাৰে ৰাতিপুৱা মর্মান্তিক দুর্ঘটনা সংঘটিত হ’ল দক্ষিণ ফিলিপাইনছত । ৯২ জন যাত্রীক লৈ ভাঙি পৰিল বায়ুসেনাৰ বিমান । জ্বলি উঠিল বিমানৰ ধ্বংসাৱশেষ। বৰ্তমানলৈকে ১৭ জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱা গৈছে। দুর্ঘটনাত এতিয়ালৈকে কমেও ৪০ জন লোকক উদ্ধাৰ কৰা সম্ভৱ হৈছে বুলি জনাইছে সেনা প্রধানে।

এক বিজ্ঞপ্তিত বায়ুসেনাই জনাইছে, 'জোলো দ্বীপত অৱতৰণ কৰাৰ সময়ত সংঘর্ষত ভাঙি যায় বায়ুসেনাৰ চি-১৩০ বিমানখন। বর্তমান উদ্ধাৰকার্য চলি আছে।' প্রতিৰক্ষামন্ত্রী ডেলফিন লৰেনজানাই জনাইছে,  বিমানখনত ৩ জন পাইলট, পাঁচ জন ক্রু মেম্বাৰসহ মুঠ ৯২ জন যাত্রী আছিল।

ফিলিপাইনছৰ সংবাদমাধ্যম সূত্রে খবৰ পোৱা গৈছে, যাত্রীসকলৰ অধিকাংশই সেনাবাহিনীৰ কর্মী। সকলোৱে প্রশিক্ষণ শেষ কৰিছিল মাত্ৰ। সন্ত্রাস দমনৰ বাবে চুলু প্রদেশত তেওঁলোকৰ মোতায়েনৰ বাবে লৈ যোৱা হৈছিল। তাৰ মাজতে এই ভয়াবহ দুর্ঘটনা। যদিও ঘটনাৰ সৈতে কোনো কূটাঘাটমূলক কথা জড়িত হৈ আছে নেকি অনুসন্ধান কৰি থকা হৈছে।

Your Comments