৩জুলাই তাৰিখে ছুনামীয়ে বহুবাৰ বিধ্বস্ত কৰা জাপানত পুনৰ সংঘটিত হ’ল এক ভয়ানক প্ৰাকৃতিক দুৰ্যোগ ৷ টকিঅ’ৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত পৰ্যটন নগৰী আটামী চহৰত ৪দিন ধৰি দিয়া বৰষুণৰ পিছত পাহাৰৰ পৰা হঠাৎ নামি অহা বোকা-পানীৰ ঢলে ৮০ টাকৈ ঘৰ উটুৱাই নিয়ে। ইয়াৰোপৰি এই ঘটনাত বৰ্তমানলৈকে দুজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ১৯ গৰাকী লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে । উল্লেখ্য যে, সন্ধানহীন লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা আছে।
জানিব পৰা মতে, এই বোকা-পানীৰ ঢলৰ উচ্চতা ছুনামীৰ দৰেই আছিল।
- Log in to post comments
- 15 views