বাছ ষ্টপত ৫০ পৃষ্ঠাৰ গুৰুত্বপূর্ণ প্রতিৰক্ষা নথি পৰি ৰ’ল! ঘটনাটো ঘটিছে ব্রিটেইনত।
ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৫০ পৃষ্ঠাৰ Classified documents পোৱা গ’ল পথৰপৰা। ব্লেক চি-ত ব্রিটিছ যুদ্ধজাহাজ সংক্রান্তীয় তথ্য আৰু তাৰ প্রতিক্রিয়াত ৰাছিয়াৰ ভাৱগতিৰ এক বিৱৰণ তাত লিপিবদ্ধ আছিল।
নাম প্রকাশত অনিচ্ছুক এক ব্যক্তিয়ে জনাই, এই নথিপত্ৰখিনি পোৱা গৈছে দক্ষিণ ইংলেণ্ডৰ কেন্টৰ এক বাছ ষ্টপত।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে, যোৱা সপ্তাহতেই জানিবলৈ পোৱা গৈছিল যে স্পর্শকাতৰ তথ্য সম্বলিত প্রতিৰক্ষানথি পথৰপৰা উদ্ধাৰ কৰা হৈচে। ইয়াৰ তদন্তও হ’ব। উচ্চ পর্যায়ৰ এক গোৱেন্দা দলে ইয়াৰ তদন্ত কৰিব।
লেবাৰ পাৰ্টিৰ ফালৰপৰা কোৱা হৈছে, মন্ত্রালয়ৰ গুৰুত্বপূর্ণ নথি এইদৰে পথৰপৰা উদ্ধাৰ কৰাটো অতি লজ্জাজনক আৰু চিন্তাৰ বিষয়। লেবাৰ পার্টিৰ ডিফেন্স পলিচি ছিফ্ জন্ হেলীৰ দাবী, এই পৰিস্থিতিত চৰকাৰে নিশ্চিতি দিয়া উচিত যে, ইয়াৰ ফলত দেশৰ নিৰাপত্তাৰ ক্ষেত্রত কোনো আঘাট নহয় যাতে। ইয়াৰোপৰি নিশ্চিত কৰা উচিত যাতে এনে ঘটনা আগলৈ নঘটে!
- Log in to post comments
- 7 views