ভাৰত বায়’টেকৰ সৈতে টিকা-চুক্তি বাতিল ব্ৰাজিলৰ, চলিছে তদন্ত

Covaxin-brazil

ভাৰতৰপৰা ভেক্‌চিন কিনাৰ  চুক্তি বাতিলৰ কথা ঘোষণা কৰিলে ব্রাজিলে। সেই দেশৰ স্বাস্থ্যমন্ত্রীয়ে মঙ্গলবাৰে এই ঘোষণা কৰিছে।

ক’ভাক্সিনৰ বাবে ভাৰত বায়’টেকৰ সৈতে ২৪০০ কোটি টকাৰ চুক্তি কৰিছিল ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলচ’নাৰ’য়ে। সেই চুক্তিত বিসংগতিৰ অভিযোগ উঠিছে বলচ’নাৰ’ৰ বিৰুদ্ধে। সেয়ে ভাৰত বায়’টেকৰ সৈতে সেই পূর্বৰ চুক্তি বাতিল কৰিছে ব্রাজিল প্রশাসনে।

মঙ্গলবাৰে এখন সংবাদমেল আহ্বান কৰে ব্রাজিলৰ স্বাস্থ্যমন্ত্রী মাৰ্চেল’ কুৱেৰ’গা আৰু ফেডেৰাল কম্পট্র’লাৰ জেনাৰেল (চিজিইউ) ৱাগনাৰ ৰ’জাৰিঅ’ই। উক্ত সংবাদমেলত ৰ’জাৰিঅ’ই কয়- অভিযোগৰ তদন্ত আৰম্ভ হৈছে। তাৰ পূৰ্বে প্ৰথমে আমি এই চুক্তি বাতিল কৰিব লাগিব। অনতিপলমে ঘটনাৰ তদন্ত শেষ কৰা হ’ব বুলি আশা কৰা হৈছে। ১০ দিনৰ ভিতৰত আমি সত্য জানিবলৈ পাম।

ফেব্ৰুৱাৰী মাহত ভাৰত বায়’টেকৰ সৈতে ২ কোটি ক’ভাক্সিন ভেক্‌চিন কিনাৰ চুক্তি হৈছিল। কিন্তু অভিযোগ, এতিয়ালৈকে কোনো টিকা ব্রাজিললৈ পঠোৱা হোৱা নাই। তাৰ লগতে অভিযোগ, চুক্তিত টিকাৰ দামো যথেষ্ট বেছি দেখুৱা হৈছে। আৰু এই সকলো অভিযোগৰ তীৰ ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ দিশে। ফলত এই সন্দৰ্ভত নিঃসংশয় হ’বলৈ ব্রাজিলে বৰ্তমান তেওঁৰ পূ্র্বৰ চুক্তি বাতিল কৰিলে। সেই দেশৰ চেনেট পেনেলে এই তদন্তভাৰ লৈছে।

Your Comments