ম্যানমাৰত ছেক্রেটাৰী-জেনেৰেল এন্ট’নিঅ’ গুতেৰেছৰ বিশেষ দূত ক্রিষ্টিন শ্ৰণাৰ বার্জেনাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত কয় যে “ম্যানমাৰত দেশজোৰা সংঘৰ্ষৰ ফলত মধ্য ম্যানমাৰ আৰু চীনৰ সীমান্তৱৰ্তী অঞ্চলকে ধৰি ভাৰত আৰু থাইলেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰায় ১৭৫,০০০ জনসাধাৰণ গৃহহীন হৈ পৰিছে আৰু প্ৰায় ১০,০০০ শৰণাৰ্থী ভাৰত আৰু থাইলেণ্ডলৈ পলাই আহিছে ৷ আঞ্চলিক আসন্ন সমস্যাৰ সংকট সঁচা,” তেওঁ লগতে যোগ দি কয় “আমি নিশ্চিত ভাৱে সর্বোচ্চ সংযমৰ আহ্বান জনাব লাগিব আৰু সকলো প্রকাৰৰ হিংসাত্মক কাৰ্য-কলাপক নিন্দা কৰিব লাগিব। এক বৃহৎ আকাৰৰ গৃহযুদ্ধৰ সাম্ভাৱ্য বিপদ সঁচা৷”
আনহাতে, ম্যানমাৰৰ সামৰিক জান্তাক প্রতিনিধিত্ব কৰাৰ আৰু দেশখনলৈ অস্ত্রৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্রস্তাৱৰ ভোট প্ৰদানৰপৰা বিৰত থাকি ভাৰতে চীন আৰু ৰাছিয়াক যোগ দিছে। উল্লেখ্য যে, ভাৰতে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ প্ৰস্তাৱত ভোট প্ৰদানৰপৰা বিৰত থকা কাৰ্য এয়ে প্ৰথম নহয় ৷
- Log in to post comments
- 29 views